চাহ উদ্যোগলৈ সুখবৰ কঢ়িয়ালে

0 271

ক্ষুদ্ৰ চাহ খেতিৰে অসমৰ গৰিষ্ঠ সংখ্যক নিবনুৱা যুৱকে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু অসমীয়া যুৱকে শ শ বিঘা মাটিত চাহ খেতি আৰম্ভ কৰি ৰাজ্যখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে শোণিতপুৰ জিলাৰ নাহৰবাৰী চাহ ফেক্টৰীয়ে বিৰল সন্মান আজুৰি আনিছে।যোৱা ২৯নবেম্বৰ পৰা ১ডিচেম্বৰলৈ মুম্বাইৰ নেহৰু চেণ্টাৰত অনুষ্ঠিত ষষ্ঠ বিশ্ব চাহ আৰু কফি এক্সপ’ত নাহৰবাৰী চাহ ফেক্টৰীয়ে lndustry leader সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে এই প্ৰদৰ্শনীত চীন, জাপান, থাইলেণ্ড, আমেৰিকাৰ পৰা অহা কেবাটাও চাহ কোম্পানীয়ে অংশগ্ৰহণ কৰিছিল।মনকৰিবলগীয়া যে নাহৰবাৰী চাহে চলিত বৰ্ষত হংকঙত অনুষ্ঠিত এক প্ৰদৰ্শনীত বিশ্ব শ্ৰেষ্ঠ চাহৰ খিতাপ অৰ্জন কৰিছিল।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাাথে ।

Leave A Reply

Your email address will not be published.