চাহ উদ্যোগে অসমৰ বাণিজ্যিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে

0 355

একাপ চাহে দিনটোক সতেজ কৰি তোলে। মনৰ অৱসাদ দূৰ কৰি দিনটোৰ বাবে কাৰ্যক্ষম কৰি তোলে। সেয়েহে সমগ্ৰ বিশ্বজুৰি চাহৰ সমাদৰ আছে। বিশেষকৈ অসমৰ চাহ বিশ্ব বিখ্যাত। ব্ৰিটিছ কোম্পানীয়ে অসমৰ চাহ উদ্যোগৰ প্ৰথম মাইলৰ খুঁটি পুতিছিল বুলি অভিহিত কৰিব পৰা যায় যদিও মণিৰাম দেৱানকে আদি কৰি বহুকেইজন চাহ খেতিয়কে অসমত চাহ বিপ্লৱৰ সূচনা কৰিছিল।
 
 
আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই দিৱস দেশজুৰি উদযাপন কৰিছে।  আজি চাহ দিৱস উদযাপনৰ মহত্ব এয়ে যে চাহ উৎপাদক আৰু শ্ৰমিক সকলৰ সুৰক্ষা, অধিকাৰ আদিৰ সম্পৰ্কে সজাগ কৰি তোলা। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস কেৱল ভাৰততেই নহয় বিশ্বৰ ৫খন মুখ্য চাহ উৎপাদক দেশ চীন, কেনিয়া, ভিয়েটনাম, শ্ৰীলংকা, বাংলাদেশ, ইণ্ডোনেছিয়া, মালয়েছিয়া আদিত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপিত হৈছে।
 
 
অসমৰ মৰাণৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চাহ খেতিয়ক ধীৰেন ফুকনে কয় যে পূৰ্বৰ তুলনাত চাহ উৎপাদনৰ ক্ষেত্ৰত অসম যথেষ্ট আগবাঢ়িছে। যাৰ জৰিয়তে অসমত চাহ খেতি কৰিবলৈ বহুতে আগ্ৰহ প্ৰকাশ কৰিছে আৰু বহুতেই স্বাৱলম্বী হৈ পৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন ঠাই যেনে আমেৰিকা, কম্বোডিয়া, কানাডা আদি ঠাইৰ বিভিন্ন ব্যক্তি আহি ধীৰেন ফুকনৰ ওচৰত হস্তনিৰ্মিত চাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ক্ৰয় কৰি নিয়ে।
 
আনহাতে কিছুমাহৰ পূৰ্বে চাহ নিলাম কেন্দ্ৰৰ পৰা অসমৰ চাহ প্ৰতি কেজি ৫০হেজাৰ টকা দৰত বিক্ৰী হৈছিল। ই অসমৰ চাহ উদ্যোগৰ  বাবে অতি ভাল খবৰ। চাহ উদ্যোগৰ এনে উত্তৰণে  অসমৰ চাহ  খেতিয়ক সকললৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

Leave A Reply

Your email address will not be published.