পিতৃ-মাতৃ হীন চাৰিটি শিশুৱে মাকুমস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতেই জীৱনৰ আদি পাঠ আৰম্ভ কৰিছিল। পিতৃ-মাতৃৰ হেৰুৱা মৰম আৰু ভালপোৱাবোৰ এই শিশুগৃহৰ বুকুতেই বিচাৰি পাইছিল । প্ৰায় চাৰিটা বছৰ শিশুগৃহত থাকোতেই মনিকা, অভিক, ৰাণী আৰু ৰশ্মিক হেৰুৱা পিতৃ- মাতৃৰ স্নেহ প্ৰদান কৰিবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ইউৰোপৰ মাল্টা নামৰ ঠাই খনৰ পৰা ডৰিলি ভীলা, এলটন ভীলা আৰু কাউডিয়েন মাইচিলি নামৰ দুটা পৰিয়াল আগবাঢ়ি আহিল। দত্তক গ্ৰহণৰ সকলো যাবতীয় কাম সম্পন্ন কৰি তেওঁলোক তিনিচুকীয়াত উপনীত হৈ গংগাবাৰীস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতে ভৰি দিয়েহি। শিশুগৃহৰ সকলোৱে এই বিদেশী তিনিগৰাকী অতিথিক উষ্ণ আদৰণি জনোৱাৰ লগতে অসমীয়া জা-জলপানেৰে আপ্যায়ন কৰে। শিশুগৃহৰ তৰপৰ পৰা সভাপতি প্ৰেমেন্দ্ৰ শৰ্মা, উপসভাপতি ললিত গগৈ, সমাজকৰ্মী তথা শিশুগৃহৰ উপদেষ্টা নাৰায়ণ বাহেতীয়ে ফুলাম গামোছাৰে আদৰণি জনায় । ইয়াৰ উপৰিও শিশুগৃহৰ অধীক্ষক প্ৰিয়ংকা শৰ্মা, সম্পাদক অখিল চন্দ্ৰ বৰুৱা, সূৰ্যোদয়ৰ সভাপতি ৰণজিৎ দত্ত, ননী গোপাল দত্ত, দিলীপ কাকতি, ৰূপম দাস, বৰষা বৰঠাকুৰ, ময়ূৰী বাগ, মুকুন্দ বৰা, আদি সকলোৱে আদৰণি জনাইছে । কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতে ডাঙৰ হোৱা মণিকা, অভিক, ৰাণী আৰু ৰশ্মীক এক আবেগিক মূহুৰ্ত্তৰ মাজেৰে সকলোৱে বিদায় জনায় । শিশুগৃহৰ কৰ্তৃপক্ষৰ লগতে আন সহযোগী শিশু সকলেও উচুপি উঠিছিল বিদায়ৰ বিয়লি বেলাত। ৰাজ্যখনৰ চাৰিটা শিশুৱে আজি দেশ এৰি যাবলৈ লোৱা এই কাৰ্যসূচীটি তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত আদৰ নামৰ সংস্হাটিৰ সৌজন্যত আৰু কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ সহযোগত আনুষ্ঠানিক আন্তৰাষ্ট্ৰীয় দত্তক (Adoption) গ্ৰহণ অনুষ্ঠানটিত সম্পন্ন হয়। জিলা উন্নয়ন আয়ুক্ত নয়ন জ্যোতি সভাপণ্ডিত, সহ আয়ুক্ত অপৰূপা বৰগোহাঁই, নিলাক্ষী ভূঞা, জিলা শিশু সুৰক্ষা গোটৰ বিষয়া ৰিজুৱানা তাচমিন হাজৰিকা, জিলা শিশুসুৰক্ষা সমিতিৰ অধ্যক্ষ ভৱানন্দ গোহাঁই, শিশুগৃহৰ সম্পাদক অখিল চন্দ্ৰ বৰুৱাৰ লগতে আদৰৰ সভাপতি ইজৰাইল নন্দই আনুষ্ঠানিক বিদায় অনুষ্ঠানটিত বক্তব্য আগবঢ়াই সমগ্ৰ ৰাজ্যখনৰ বাবে ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি অভিহিত কৰে। ইতিমধ্যে চাৰিটি শিশুৱে দিল্লী হৈ পেৰিছ আৰু তাৰপৰা মাল্টা লৈ যোৱাৰ পথত ভৰি দিছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন