চাৰিদুৱাৰ (এম ই এচ)ত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

0 229

শোণিতপুৰৰ চাৰিদুৱাৰস্থিত এম ই এচত আজি এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়। পুৱা এম ই এচ কাৰ্যালয় পথৰ দাঁতিত প্ৰকাণ্ড অজগৰডাল একাংশ লোকে প্ৰত্যক্ষ কৰে । লগে লগে চাৰিদুৱাৰ বন বিভাগৰ লোকক খবৰ দিয়া হয় । পাছত বনকৰ্মীৰ লগতে সাংবাদিকৰ দল আৰু স্থানীয় লোকৰ সহযোগত ১৫ ফুট দীঘল তথা ২৫ কেজি ওজনৰ অজগৰডাল উদ্ধাৰ কৰে।উদ্ধাৰকৃত সাপডাল বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.