চিটাগং বন্দৰেদি বিদেশলৈ ৰপ্তানি হ’ব অসমৰ সামগ্রী।

0 219

প্রধানমন্ত্রী মোদীৰ সবল নেতৃত্বত ব্রহ্মপুত্রৰ জলপথে অতি সোনকালেই আন্তর্জাতিক বাণিজ্যৰ ভেটি গঢ়ি তুলিবলৈ সক্ষম হ’ব৷ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে এই সন্দর্ভত কিছু অভিলাষী আঁচনি গ্রহণ কৰিছে বুলি নতুনকৈ কেন্দ্রীয় মন্ত্রীসভাত কেবিনেট মন্ত্ৰীত্ব লাভ কৰা সর্বানন্দ সোণোৱালে এনেদৰে মঙলবাৰে ডিব্ৰুগড় সাংবাদিকৰ আগত সদৰী কৰে৷তেওঁ পুনৰ কয় যে কেন্দ্রই গ্রহণ কৰা আঁচনি অনুসৰি ব্রহ্মপুত্রৰ পৰা বংগোপসাগৰেদি আৰম্ভ হ’ব আন্তর্জাতিক বাণিজ্যৰ পথ আৰু এই পথেদি ৰাজ্যৰ উৎপাদিত সামগ্রী বিদেশলৈ ৰপ্তানি কৰাৰ বাট প্রশস্ত হ’ব৷ ব্রহ্মপুত্রৰ বিশাল জলৰাশিক লৈ যথেষ্ট আশাৰ সঞ্চাৰ আছে বুলিও কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আশা প্রকাশ কৰি কয় যে ব্রহ্মপুত্রৰে বংগোপসাগৰৰ সৈতে যোগাযোগ ব্যৱস্থা সুচল কৰি উত্তৰ পূর্বাঞ্চলৰ ৰাইজৰ ৰপ্তানি ব্যৱস্থা উন্নত কৰাৰ বাবে প্রচেষ্টা লোৱা হ’ব৷
কেন্দ্রীয় চৰকাৰ প্রচেষ্টাত চিটাগং বন্দৰ ইতিমধ্যে মুকলি কৰা বুলি কৈ ব্রহ্মপুত্রই গৈ বংগোপসাগৰ সৈতে চামিল হৈ ভাৰত মহাসাগৰৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত অসমৰ উৎপাদিত সামগ্রী বিক্রী কৰাৰ সুযোগ লাভ কৰিব বুলিও কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অভিমত প্রকাশ কৰে৷ কেবিনেট মন্ত্রীৰ দায়িত্ব লাভৰ পিছত প্রথমবাৰলৈ গৃহ নগৰত প্রৱেশ কৰি ডিব্রুগড়ত আয়োজিত এক বিপুল সম্বর্ধনা গ্রহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কেন্দ্রীয় বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুস দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷ডিব্রুগড়ৰ সন্তান তথা প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রীগৰাকীক আজি গৃহ চহৰত ডিব্রুগড আৰু তিনিচুকীয়া জিলাৰ কর্মকর্তা, বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান আদিয়ে বিপুল সম্বর্ধনা জনায়৷ সম্বর্ধনা গ্রহণ কৰি অসমবাসীৰ মৰম আৰু শ্রদ্ধাক কৃতজ্ঞতা প্রকাশ কৰি অসমবাসীৰ উন্নয়নৰ বাবে সদায় নিষ্ঠাৰে কাম কৰি যাব বুলি কয়৷ তেওঁ ভাষণ দিয়াৰ আৰম্ভণিতে সোণোৱালে প্রাকৃতিক সম্পদ সম্ভাৱনাৰে চহকী ৰাজ্য অসমখন পিছপৰি থকাটো কংগ্রেছ দলে গুৰুত্ব নিদিয়াৰ ফল বুলি উল্লেখ কৰি কংগ্রেছে স্বাধীনতাৰ সুদীর্ঘ ৫০ বছৰৰ অধিক কাল কেৱল মাহীআইৰ দৃষ্টিৰে নিক্ষেপ কৰাৰ বাবে অসম পিছপৰি ৰ’ল বুলি উল্লেখ কৰে৷
ইংৰাজৰ দিনতে অসমে অর্থনৈতিকভাৱে এখন শক্তিশালী ৰাজ্য হিচাপে চিহ্নিত আছিল যদিও পৰৱর্তী সময়ত দীঘলীয়া শাসন কালত কংগ্রেছে অসমক মাথোঁ মাহী আইৰ দৃষ্টিৰে চোৱা বাবে বিভিন্ন ক্ষেত্রত আজি অসম পিছপৰি ৰ’ল বুলি কয়৷ নৰেন্দ্র মোদীয়ে দেশৰ নেতৃত্ব লাভ কৰাৰ পিছতে উত্তৰ পূবে উন্নয়নৰ মুখ দেখিবলৈ পোৱাৰ কথা সদৰী কৰি অষ্ট লক্ষ্মী হিচাপে উত্তৰ পূবক প্রধানমন্ত্রীয়ে মর্যাদা প্রদান কৰা বুলিও কেন্দ্রীয় মন্ত্রী সোণোৱালে ভাষণত উল্লেখ কৰে৷কংগ্রেছক সমালোচনা কৰি সোণোৱালে ২০১৪ চনৰ পৰা ক্রমে ভাৰতবর্ষৰ মানচিত্রত এতিয়া অসমে পুনৰ মূৰ দাঙি উঠা বুলি কয়৷ অসমৰ ৰাইজে এতিয়া ৰাজপথত আন্দোলন নকৰাকৈ দলং, ৰাস্তা, শিক্ষানুষ্ঠান আদি পাবলৈ সক্ষম হৈছে বুলি কয়৷ যাৰ বাবে জনসাধাৰণে বিজেপিক হিয়া উজাৰি আশীর্বাদ দিছে বুলি কয়৷ বিজেপিৰ কেন্দ্রীয় নেতৃত্বয়ো মন্ত্রীসভাত উত্তৰ পূর্বাঞ্চলৰ পাঁচজনকৈ তথা অসমৰে দুজনকৈ সাংসদক মন্ত্রীসভাত স্থান দিয়া বুলি কয়৷ডিব্রুগড়, তিনিচুকীয়া আৰু শদিয়া জিলা বিজেপিৰ উদ্যোগত আয়োজিত অভিনন্দন তথা আদৰণী অনুষ্ঠানত শক্তিমন্ত্রী বিমল বড়া, ৰাজ্য চৰকাৰৰ শ্রমমন্ত্রী সঞ্জয় কিষাণ, ডিব্রুগডৰ বিধায়ক প্রশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণৰ বিধায়ক চক্রধৰ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে বিভিন্ন নিগম নিকায়ৰ বিষয়ববীয়া আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.