চিটিবাছৰ যাত্ৰী,চালকৰ মাজত সজাগতামূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰিলে পৰিবহন বিষয়াই

0 220

গুৱাহাটী মহানগৰীত ৰাজহুৱা পৰিবহন সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ব্যক্তিগত খণ্ডৰ মালিকাধীন কেবা শতাধিক চিটিবাছে । কিন্তু এই চিটিবাছৰ একাংশ চালক , পৰিচালক আৰু হেণ্ডিমেনৰ চৰম ময়মতালিৰ বাবে ৰাজহুৱা পৰিবহন ব্যবস্থাটোৱে এশ শতাংশ আশা কৰা ধৰণে যাত্ৰীৰ উপযোগী বা অনুকূল হৈ উঠা নাই।
যাৰ বাবে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়লয়েও বিষয়টোত উদ্বেগ প্ৰকাশ কৰি পৰিবহন বিভাগক আইন ভংগকাৰী চালক- পৰিচালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহন বিভাগক নিৰ্দেশ দিছে । ন্যায়লয়ৰ এই নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা , প্ৰৱৰ্তক ) গৌতম দাসে মানৱীয় দৃষ্টিভঙ্গীৰে বৃহত্তৰ গুৱাহাটী বাছ মালিক সন্থাকে ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন মটৰ আৰু পৰিবহন সংস্থাৰ সহযোগত আৰম্ভ কৰিছে সজাগতামূলক কাৰ্যসূচী । এই কাৰ্যসূচীৰ অংশ হিচাপে দ্বিতীয় শনিবাৰ চৰকাৰী বন্ধৰ লগত সংগতি ৰাখি ১২ ডিচেম্বৰত খানাপাৰাত এখন সজাগতা সভা অনুষ্ঠিত হয় ।
সভাত জিলা পৰিবহন বিষয়া গৌতম দাসৰ উপৰিও আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম , প্ৰৱৰ্তক পৰিদৰ্শকদ্বয় বিক্ৰমাদিত্য গগৈ আৰু মোজামিল হুছেইন , বৃহত্তৰ গুৱাহাটী বাছ মালিক সন্থাৰ সভাপতি বিপুল কলিতাকে ধৰি বিভিন্ন পৰিবহন সন্থাৰ কেবাজনো প্ৰতিনিধি আৰু শতাধিক বাছ চালক , পৰিচালক , হেণ্ডিমেন উপস্থিত থাকে।
আনহাতে সভাত জিলা পৰিবহন বিষয়া গৌতম দাসে একাংশ চালক , পৰিচালক আৰু হেণ্ডিমেনে কিদৰে যান বাহন আইন ভংগ কৰি যাত্ৰীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে তাৰ বিতং বাখ্যা কৰি এইক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়েও উদ্বেগ প্ৰকাশ কৰা বিষয়টো দাঙি ধৰে । গৌতম দাসে কয় যাত্ৰীৰ সুৰক্ষাৰ দিশটোত পৰিবহন বিভাগে আপোচ কৰিব নোৱাৰে । গতিকে বাছৰ চালক , পৰিবহন আৰু হেণ্ডিমেনে যাতে যাত্ৰীৰ প্ৰতি সদায় সেৱাৰ মনোভাৱেৰে সদ আচৰণ কৰে তাৰ বাবে গৌতম দাসে আহ্বান জনায় । ইফালে আগন্তক দিনত ৰাজ্য চৰকাৰৰ সংশিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি বাছ চালক , পৰিচালক আৰু হেণ্ডিমেনৰ স্বাস্থ্য ৰক্ষাৰ বাবে অটল অমৃত কাৰ্ড প্ৰদান কৰা হব বুলিও জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰে।শেষত জয় চালক বন্ধু , পৰিচালক বন্ধু আৰু হেণ্ডিমেন বন্ধুৰ জয় ধ্বনিৰে সভাৰ সামৰণি মৰা হয়।
খবৰ যুগুতালে জিতু মণি দাসে..

Leave A Reply

Your email address will not be published.