চিন্ময় দিয়ানৰ আধুনিক গীত উন্মোচন

0 280

মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম-মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ ৰাণীৰ শুকুৰবেৰীয়া বনভোজস্থলীত ব্যতিক্ৰমীভাৱে ৰবিবাৰে শিশু শিল্পী চিন্ময় দিয়ানৰ এটি আধুনিক গীত মুকলি কৰা হয় । প্ৰকৃতিৰ অনুপম সৃষ্টিৰ মনোৰম , অসমৰ অন্যতম পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তথা সেউজীয়াৰ ৰাণীৰূপে পৰিচিত শুকুৰবেৰীয়াত প্ৰাগ নিউজৰ সাংবাদিক ক্ৰমে জিণ্টুমা ঠাকুৰীয়া , নিলোৎপলা দত্ত , ৰঞ্জিতা ৰাভা , ববিতা গগৈ , কামৰূপ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ ৰাভা , শুকুৰবেৰীয়া খণ্ড বন বিষয়া গোবিন্দ কলিতা আৰু স্থানীয় কেইবাগৰাকীও সাংবাদিকৰ উপস্থিতত মুকলি কৰা হয় দেশপ্ৰেম মূলক গীতটি । ৰাণীৰ পানীচন্দাৰ শ্যাম ৰাভা আৰু বিনীতা ৰাভাৰ সুযোগ্য সন্তান প্ৰতিভাৱান শিশু কণ্ঠ শিল্প চিন্ময়ে সৰুৰে পৰা নিজৰ পঢ়া-শুনা প্ৰতি মনোনিবেশ কৰি সমান্তৰালভাৱে সংগীতৰ লগত নিজকে জড়িত কৰি ইতিমধ্যে ৰাইজৰ বুটুলিবলৈ সক্ষম হৈছে । অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী , সংগীত পৰিচালক , সুৰকাৰ ৰেকিবুলে লিখা তথা উদীয়মান কৰিঅ’গ্ৰাফাৰ ৰাজু দাসে কৰিঅ’গ্ৰাফ কৰা গীতটি অসমৰ ৰাইজে আকোৱালি ল’ব বুলি আশাবাদী শিশু শিল্পী গৰাকী ।

Leave A Reply

Your email address will not be published.