বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ ১২ নং ৱাৰ্ডৰ বাসিন্দা চয়নিকা সভাপণ্ডিতৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীক সৌহাদ্যমূলকভাৱে সাক্ষাৎ কৰে । আৰ্থিক সংকটৰ বাবে শাক- পাচলিৰ দোকান দিয়া ছাত্ৰীগৰাকীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা ৫০,০০০ টকাৰ চেকো প্ৰদান কৰে । চেক প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এয়া সামান্য আশীৰ্বাদহে । ছাত্ৰীগৰাকীৰ অভাৱসমূহ সমূলঞ্চে দূৰ নহ’লেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই মৰম আৰু আশীৰ্বাদে কিছু হ’লেও সকাহ দিব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ ছাত্ৰীগৰাকীৰ উজ্জল ভৱিষ্যৎ কামনা কৰাৰ লগতে এনে প্ৰয়াসৰ শলাগ লয় । মন্ত্ৰীগৰাকীৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল । উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকী মেধাৱী হোৱাৰ লগতে এগৰাকী সু-গায়িকাও । এখন অপ্ৰাদেশীকৃত মহাবিদ্যালয়ত চাকৰি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃক সহায় কৰাৰ উদ্দেশ্যে ছাত্ৰীগৰাকীয়ে ক’ভিড পৰিস্থিতিৰ মাজতে ঘৰৰ সন্মুখতে শাক-পাচলিৰ দোকান আৰম্ভ কৰে।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন