চৰাইদেউত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ ইতিবাচক পদক্ষেপ- স্বাধীনতা দিৱসৰ দিনাই ৰোপন কৰিলে দুই হাজাৰ সোণাৰু

0 216

পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা সোণাৰিৰ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ উদ্যোগত চৰাইদেউত ৰোপন কৰা হয় দুই হাজাৰ সোণাৰু পুলি। স্বৰ্গদেউ চাওলুং চুকাফা সোণাৰু প্ৰকল্প নামেৰে ৰূপায়ন কৰা এই সোণাৰু পুলি ৰোপন কৰাৰ লগতে আগন্তুক তিনি বছৰলৈ প্ৰতিপালনো কৰিব প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে।
 
 
স্বৰ্গদেউ চাওলুং চুকাফা মৈদামক্ষেত্ৰৰ লগতে ওচৰতে থকা লাংকুৰী দ’ল, লাংকুৰী দেওশালৰ লগতে কাষৰীয়া অঞ্চলত থকা আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী স্থানসমূহতো ৰোপন কৰা হয় সোণাৰু পুলি। উল্লেখ্য যে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম তথা লাংকুৰী দ’ল, দেওশালৰ মাটি বেদখল হোৱা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছত এই ঐতিহাসিক স্থানৰ মাটি বেদখল মুক্ত কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে।
 
 
চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসমৰ লগতে স্থানীয় ৰাইজক লগত লৈ অনুপ পাটকাই উদ্যোগ গ্ৰহণ কৰা এই কাৰ্যসূচীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ, দুৰ্নীতি বিৰোধী মঞ্চৰ সভাপতি ধৰ্মকান্ত গগৈয়েও আজি অংশগ্ৰহণ কৰে। আনহাতে এই প্ৰকল্পৰ জৰিয়তে চৰাইদেউক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি স্থানীয় নিবনুৱা সকলৰ সংস্থাপনৰো বাট মুকলি কৰাৰ লক্ষ্য বান্ধি লৈছে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই

Leave A Reply

Your email address will not be published.