আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ জনজাতীয় অধ্যুষিত অঞ্চল ৰিহাবাৰীৰ সংস্কৃতিপ্ৰাণ বিশিষ্ট ব্যক্তি তথা অধিবক্তা জয়ন্ত কুমাৰ ৰাভাৰ চোতালত “শাওণৰ পথাৰত” শীর্ষক ভিডিঅ` এলবাম এটি শুভ উন্মোচন কৰা হয়। প্ৰদীপ প্ৰজ্বলন লগতে ভিডিঅ` এলবামটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই। কবি, সাংবাদিক শ্ৰীশৰ্মাই কয়- “মাটিৰ গোন্ধ থকা প্ৰতিটো গীতে প্ৰাণ টানি ধৰে। বৰ্তমান সময়ত মাটি-পানীৰ সম্পর্ক থকা গীতৰ সংখ্যা কমিছে। ই শুভ লক্ষণ নহয়।” শ্রীশৰ্মাই আৰু কয়- “জয়ন্ত কুমাৰ ৰাভাৰ অতি নান্দনিক, অনুপম শব্দৰে সমৃদ্ধ তথা মাটি-পানী, চহা জীৱনৰ কথাৰে সমৃদ্ধ গীতৰ কথাই আমাক আপ্লুত কৰিছে। শাওণত ভূঁই ৰুই, আহিনত আহিনত সজাল ধৰিব লগাকৈ , শেষত সোণগুটি ভড়ালত থব পৰাকৈ কৃষকৰ শ্ৰম জীৱনৰ ওপৰত ৰচিত গীতটিয়ে সকলোৰে প্ৰাণত প্ৰাণবন্ত কৰি তুলিব বুলি কব পাৰি।” শিল্পী ৰিংকু ৰাভাই আঁত ধৰা সভাত সমাজকৰ্মী সাধুচৰণ ৰাভা, ঋতুপর্ণ ৰাভা, সুজিত বড়ো প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰে। জয়ন্ত কুমাৰ ৰাভাৰ প্ৰয়োজনা কৰা এলবামটিৰ সংগীত পৰিচালনা-শব্দ মিশ্রণ পৰাগ ঈশান, কন্ঠশিল্পী ঋতুপর্ণ ৰাভা, গীতৰ কথা জয়ন্ত কুমাৰ ৰাভা,অভিনেতা- অভিনেত্ৰী অভিজিৎ ৰাভা, কাশ্মীৰী বড়ো, ভিডিঅ সম্পাদক সুজিত বড়ো, চিনেমাটোগ্ৰাফাৰ হিৰণ্য কুমাৰ দাস,মেক আপ প্ৰলয় ৰাভা,ভিডিঅ সম্পাদক শ্যামল দাস।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা