ছাংহাই চলচ্চিত্রলৈ বেলকনীত ভগৱান

0 226

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে অসমীয়া ছবি জগতলৈ সুখবৰ৷ অসমীয়া চলচ্চিত্রই বিদেশৰ সন্মানীয় ছবি মহোৎসৱলৈ নির্বাচিত হৈছে৷ বিশ্বজিৎ বৰা পৰিচালিত ‘বেলকনীত ভগৱান’ (গড অন দ্য বেলকনী) নামৰ চলচিত্ৰখনে চীনৰ ২৪সংখ্যক ছাংহাই আন্তর্জাতিক ছবি মহোৎসৱৰ পেনোৰামা শাখালৈ নির্বাচিত হৈছে।
উল্লেখ্য যে ২৪সংখ্যক ছাংহাই আন্তর্জাতিক ছবি মহোৎসৱ অহা ১১ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ`ব৷বেলকনীত ভগৱান’ প্রযোজনা কৰিছে নুৰুল চুলতানে৷

Leave A Reply

Your email address will not be published.