ছাত্ৰ সন্থাৰ তৰফৰ পৰা বটদ্ৰৱা থান চৌহদত গছ পুলি ৰোপণ আৰু ডাষ্টবিন প্ৰদান

0 206

অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পূন্য, পবিত্ৰ ভাদ মাহ উপলক্ষে দেওঁবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্য সকলে আহি শ্ৰীশ্ৰীবটদ্ৰৱা থানত সেৱা জনায়। নগাঁও জিলা ছাত্ৰ সন্থাৰ লগতে জিলাখনৰ অন্তৰ্গত ধিং, বটদ্ৰৱা, ৰাইডঙীয়া, হাতীচোং, ৰহা, আন্তঃপাঠৰি, ফুলগুৰি, কলিয়াবৰ, পুৰনিগুডাম, ৰূপহী, চামগুৰি, উৰিয়াগাও, কামপুৰ, কঠিয়াতলী আদি ভিন্ন প্ৰান্তৰ ১৬ খন আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলেও দেওবাৰে জাতীয় সাজ পৰিধান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱাৰ থানত সেৱা আগবঢ়ায়। বটদ্ৰৱা থানত উপস্থিত হৈ নগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৰুজনাৰ জন্মস্থানৰ চৌহদক সুন্দৰ কৰাৰ প্ৰচেষ্টাৰে শতাধিক থলুৱা গছ পুলি ৰোপণ কৰাৰ লগতে থান চৌহদৰ স্বচ্ছতাৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ হাতত দহটা ডাষ্টবিন প্ৰদান কৰে। শ্ৰীশ্ৰী বটদ্ৰৱা থানত অনুষ্ঠিত ডাষ্টবিন প্ৰদান আৰু গছ পুলি ৰোপণ কাৰ্যসূচীৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্ত্ৰীয় সমিতিৰ তথ্য সম্পাদক মৃদুল হাজৰিকা, নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া, সম্পাদক অমৰজ্যোতি ফুকন, প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি ভূঞাকে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.