জলসম্পদ মন্ত্ৰীয়ে টীয়কৰ বান পৰিস্থিতিৰ বুজ ল’লে

0 287

সমগ্ৰ ৰাজ্যজুৰি বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই যোৰহাট জিলাৰ টীয়কৰ বিভিন্ন অঞ্চলৰ মথাউৰি পৰ্যবেক্ষণ কৰে। টীয়ক সমষ্টিৰ কাৱৈমাৰীৰ লগতে ধনতোলা, বনাই ন পমুৱা, কলিয়াপানী ডুবি আদি অঞ্চলৰ ৰাইজ বানপানীৰ বাবে শংকিত হৈ পৰে। মন্ত্ৰী গৰাকীয়ে পৰ্যৱেক্ষণ কালত অতি সোনকালে মথাউৰিৰ কাষত কংক্ৰিটৰ বেৰকে ধৰি অন্যান্য ব্যৱস্থা গ্ৰহণ কৰি স্থায়ী সমাধানৰ বাবে বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে। এই কাৰ্যসূচীত টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপৰ যোৰহাট জিলাৰ সম্পাদক বিকাশ শইকীয়াৰ লগতে জলসম্পদ বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.