জল জীৱন মিশ্যন ৰূপায়ণৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে দৃঢ়তাৰে কাম কৰিব লাগিব : মুখ্যমন্ত্ৰী

0 249

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ খোৱা পানী আৰু অনাময় বিভাগৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জল জীৱন অভিযান ৰূপায়ন সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সকলৰ সন্মিলনত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে এই সন্মিলন খন গুৱাহাটীত অনুষ্ঠিত কৰি উত্তৰ পূৰ্বাঞ্চলৰ এই আচঁনিখনৰ ক্ষিপ্ৰ ৰূপায়ণৰ দিশত আলাপ আলোচনা তথা মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।
জল জীৱন মিশ্যনৰ এক গুৰুত্বপূৰ্ণ আঁচনি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকলৈ নলৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান যি লক্ষ্য স্থিৰ কৰিছে এই পদক্ষেপ স্বাস্থ্য ইত্যাদিকে ধৰি সমস্যা নাইকীয়া কৰি ভাৰতবৰ্ষক কেৱল মাত্ৰ আত্মনির্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাই নহয়,বিশ্বগুৰুৰ আসনত অধিস্থিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।ভাষণ প্ৰসংগত কয় যে এই আঁচনিখন ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি ,কাৰিকৰী সাহাৰ্য্য তথা অনান্য সকলো সহায় সহযোগিতা আগবঢ়াইছে ।গতিকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহেও সন্মিলিত ভাৱে এই লক্ষ্যত উপনীত হোৱাৰ বাবে দৃঢ়তাৰে কাম কৰিব লাগিব।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আচঁনিখনৰ অধীনত নিৰ্মাণ কৰা আন্তঃগাঁথনিৰ স্থায়িত বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাকে ধৰি অন্যান্য অংশীদাৰীত্বসকলক এই আচঁনিখনৰ নিৰৱবিচ্ছিনভাৱে পৰিচালনাৰ বাবে জড়িত কৰোৱাৰ পদক্ষেপক মুখ্যমন্ত্ৰীয়ে শলাগ লয়।অসমে এই আচঁনিখন ৰূপায়ণৰ দিশত কিছু পৰিমাণে পিছ পৰি থাকিলেও বিগত তিনি মাহত আচঁনিখনৰ দ্ৰুত ৰূপায়ণৰ দিশত বহু পৰিমাণে সফলতা লাভ কৰিছে বুলিও তেওঁ কয়।আগষ্ট মাহত অসমে দৈনিক ৬,৭০০ৰো ওপৰৰ পৰিয়াললৈ এই আঁচনিৰ জৰিয়তে সংযোগ প্ৰদান কৰিবলৈ প্ৰদান কৰিবলৈ সক্ষম হৈছে।আচঁনিখনৰ ৰূপায়ণৰ দিশত আমোলাতান্ত্ৰিক বিলম্বতা হ্ৰাস কৰাৰ বাবে উপায়ুক্তসকলক বিশেষ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।ৰাজ্যখনৰ ৮০০ খন চাহ বাগিচাৰ জনসাধাৰণক এই আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।ঠিক তেনেদৰে বিদ্যালয় তথা অংগনবাড়ী কেন্দ্ৰ সমূহলৈ এই আঁচনিৰ সুবিধা প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদানেৰে দৃঢ়তাৰে কাম কাজ চলাই আছে বুলিও কয়।বিগত তিনি মাহত ৰাজ্য চৰকাৰে তিনিটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নতুন সংমণ্ডল গঠন কৰাৰ উপৰি কৰাৰ উপৰি প্ৰতিমাহে তেখেতে নিজেও উপায়ুক্ত সকলৰ সৈতে আচঁনিখনৰ বিভিন্ন দিশ ত্বৰাম্বিত কৰাৰ বাবে পৰ্যালোচনা কৰি আছে বুলি তেওঁ কয়।আচঁনিখনৰ অধীনত ২০২৪ চনৰ ভিতৰত ১০০ শতাংশ গ্ৰামাঞ্চলৰ পৰিয়ালক নলৰ জৰিয়তে পানী যোগানৰ লক্ষ্য লোৱা হৈছে যদিও নিৰ্ধাৰিত সময়ৰ আগতেই অসমেও এই লক্ষ্যত উপনীত হ’ব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সামগ্ৰিক উন্নয়নৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয় সমূহো আলোকপাত কৰে।জল শক্তি মন্ত্ৰালয়ৰ খোৱা পানী আৰু অনাময় দপ্তৰৰ সচিব পংকজ কুমাৰে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে জল জীৱনৰ মিশ্যনৰ ওপৰত প্ৰদান কৰা ভিডিঅ’ ভাষণ এটাও প্ৰদৰ্শন কৰা হয়।অনুষ্ঠানত ৰাষ্ট্ৰীয় জল জীৱনৰ মিশ্যনৰ অতিৰিক্ত সচিব তথা অভিযান সঞ্চালক ভৰত লালে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যই জল জীৱনৰ মিশ্যন ৰূপায়ণ দিশত লাভ কৰা অগ্ৰগতি তথা এই দিশত কৰণীয় দিশ সমূহ সামৰি এক প্ৰেজেন্টেশ্যনো আগবঢ়াই।আজিৰ এই সন্মিলনত অসম,অৰুণাচলপ্ৰদেশ,মণিপুৰ,মেঘালয়,মিজোৰাম,নাগালেণ্ড,ত্ৰিপুৰাৰ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীসকল ক্ৰমে ৰঞ্জিত কুমাৰ দাস,ৱাংকি লোৱাং,লোছি দিখো,ৰেনিকটক লিংডো,টংপাৰ,পু টনলুইয়া,জেকভ,জিমিমো,সুশান্ত চৌধুৰী,আৰু ছিক্কিমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰধান সচিব তথা জল জীৱন মিশ্যন অভিযানৰ সঞ্চালককে ধৰি অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.