জল সম্পদ মন্ত্ৰীৰ উপস্থিতিত পশ্চিম গুৱাহাটীত পথ নিৰ্মাণৰ কাম আৰম্ভ

0 307

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি লকডাউন চলি থাকিলেও আগন্তুক বাৰিষাৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ নৈ উপনৈ সমূহে যাতে পুনৰ খহনীয়াৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই মথাউৰি নিৰ্মাণ, উপনিৰ্মাণ আৰু আৰম্ভ কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।
 
এই তৎপৰতাৰ অংশস্বৰূপে বৃহস্পতিবাৰে বিয়লি পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মাজিৰগাওৰ পৰা ধাৰাপুৰলৈ মথাউৰি সংৰক্ষণৰ বাবে ৰিং বান্ধ আৰু পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।
 
প্ৰথম পৰ্যায়ত মোকলাই দিয়া ৯কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ৰিং বান্ধ আৰু পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই। উপস্থিত সাংবাদিকৰ সৈতে হোৱা চমু বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে কয় বাৰিষাৰ আগে আগে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া ৰিং বান্ধ আৰু পথটোৱে কাষৰীয়া বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰকে ধৰি পশ্চিম গুৱাহাটীৰ এটা বৃহৎ অঞ্চলক ৰক্ষা কৰিব।
 
অনুষ্ঠানত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তদাৰক কমিটীৰ সদস্য আৰু আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকে ধৰি বিভাগৰ কেইবাগৰাকীও অভিযন্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.