জাপানৰ ৰাষ্ট্ৰদূতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিল

0 242

জাপানৰ ৰাষ্ট্ৰদূত চান্তোচি চুজুকীয়ে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক জনতা ভৱনত সাক্ষাৎ কৰে ৷ সাক্ষাৎ কালত দুয়োজন নেতাই জাপান আৰু অসমৰ মাজত শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত একেলগে কাম কৰাৰ দিশত সহমত পোষণ কৰে ৷
মহানগৰত চলি থকা জাইকা প্ৰকল্প কাম সোনকালে কৰি যাতে খোৱাপানী যোগানৰ ব্যৱস্থা কৰিব পাৰে সেই দিশটো প্ৰতি জাপানৰ ৰাষ্ট্ৰদূত গৰাকীক চোৱা চিতা কৰিবলৈ আহ্বান জনায় ৷ তেওঁ লগতে কয় যে যদিও এই কামৰ অগ্ৰগতি সন্তোষজনক,তৎস্বত্বেও তেওঁৰ কাৰ্য্যলয়ে এই প্ৰকল্পটো দ্ৰুততাৰে সম্পন্ন হোৱাৰ দিশত জাপান আন্তৰ্জাতিক সহযোগিতা এজেন্সিৰ সৈতে সঘনাই যোগাযোগত থাকিব বুলি কয় ৷
অসমৰ সৈতে জাপানৰ সহযোগিতা অক্ষুণ্ণ ৰাখি ৰাষ্ট্ৰদূত গৰাকীয়ে ৰাজ্যখনৰ ৰাস্তা ঘাট, নিৰ্মাণখণ্ড, স্বাস্থ্য আৰু খাদ্যসংসাধন ইত্যাদি ক্ষেত্ৰ সমূহত বিনিয়োগ কৰা বাবে আগ্ৰহী বুলি প্ৰকাশ কৰে৷ ২০০ গৰাকী যুৱক যুৱতীক বিভিন্ন দক্ষতা বিকাশৰ দিশত জাপানীজ ভাষাৰ বিষয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জনায়৷
ভাৰত আৰু জাপানৰ যুৱক যুৱতীৰ বৰ্দ্ধিত মত-বিনিময়ৰ অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰদূত গৰাকীয়ে এই দিশত অসমৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিব বুলি কয়৷ অসম এতিয়া বিনিয়োগৰ অনুকূল স্থান বুলি উল্লেখ কৰি কয় উদ্যোগিক নগৰীৰ বাবে ৬০০একৰ ভূমিৰ ধাৰ্য কৰা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে জাপানৰ বহিঃ বাণিজ্য সন্থাক অসমত বিনিয়োগ কৰি বাণিজ্যিক দিশত আগবঢায়  নিবলৈ আহ্বান জনায় ৷
আজিৰ এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী , মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালী,অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, মুখ্যমন্ত্ৰী প্ৰধান সচিব সঞ্জীৱ লোহিয়া, ভাৰতস্থিত জাপান দূতাবাসৰ সচিব মাচাতোচি কিকুচি উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.