জামুগুৰিহাটত গান্ধী জয়ন্তী পালন

0 226

গান্ধী জয়ন্তী উপলক্ষে জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ নামঘৰ প্ৰাঙ্গন আজি ওৰেটো দিন মুখৰ হৈ পৰে শিশুসকলৰ কলৰৱেৰে৷বিগত বৰ্ষৰপৰাই গাঁওখনৰ মহিলাসকলৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান মিলিজুলি সংঘই পালন কৰি অহা গান্ধী জয়ন্তীৰ এই পবিত্ৰ দিনতো আজিও পু্ৱাৰপৰাই পালন কৰে সংঘৰ মহিলাসকলে৷পুৱাই গান্ধীজীৰ প্ৰতিচ্ছবিত মাল্যাপন কৰাৰ পিছতেই অঞ্চলটোৰ শিশু কিশোৰসকলৰ দ্বাৰা বিভিন্ন গীত-নৃত্য-বাদ্য,কবিতা আবৃত্তিয়ে পৰিৱেশ মুখৰ কৰি তোলাৰ লগতে যুৱবক্তা ৰূপম নাথে গান্ধীজীৰ সম্পৰ্কত কৰা সাৱলীল বক্তৃতা প্ৰদান কৰে৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.