জামুগুৰিহাটত জীৱিকা সখীৰ অভিনৱ পদক্ষেপ

0 218

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত শোণিত কোঁৱৰ আৰু জোনবিৰি মণ্ডলৰ উদ্যোগত আজি জামুগুৰিহাটত শিক্ষক দিৱস উদযাপন কৰা হয়৷ জামুগুৰিহাটস্থিত নদুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শিক্ষকক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যৰে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ জেষ্ঠ প্ৰকল্প বিষয়া জয়ন্ত মহনে ৷ সভাত নদুৱাৰ শিক্ষাখণ্ডৰ অধিনৰ পাঁচ গৰাকী শিক্ষৰ লগতে দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ সেই অনুসৰি লাহৰী বৰা হাজৰিকা,জ্যোতি ভট্ৰ,মহেশ্বৰ বৰা,অম্বিকা নাথ,মহেন্দ্ৰ বৰুৱা,তিল বিহাদুৰ ছেত্ৰী আৰু নিৰু বৰুৱাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ জোনবিৰি মণ্ডলৰ জীৱিকা সখী নয়নমনি দেৱী আৰু ৰশ্মি ৰাভাই কয় আমি পোন প্ৰথমবাৰৰ বাৱে নদুৱাৰ খণ্ডত শিক্ষক সকলক এনেকৈ ৰাজহুৱা ভাৱে সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছো ৷ অঞ্চলটোত আমি বিভিন্ন সামাজিক ,সাংস্কৃতিক ,শৈক্ষিক কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ লগতে গ্ৰামাঞ্চলৰ মহিলা সকলৰ সবলীকৰণৰ বাৱে বিভিন্ন আঁচনি যুগুত কৰি আহিছো৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.