জামুগুৰিহাটৰ ডেকা চুক আৰু গোন্ধ মাৰা চুক গাঁৱৰ ৰাইজৰ ন- খোৱা উৎসৱ উদযাপন

0 236

পৰম্পৰাগত ভাবে নিজৰ আজূ ককা দিনৰ পৰা আৰম্ভ হোৱা ৰাজহুৱা পথাৰত ন- খোৱা উৎসৱ আজি জামুগুৰিহাটৰ ডেকা চুক আৰু গোন্ধ মাৰা চুকৰ সমবায় পথাৰত অনুষ্ঠিত হয় ।সেয়ে জামুগুৰি হাটৰ দুখন গাঁৱৰ ৰাইজৰ মাজত আজি পুৱাৰে পৰা উখল মাখল পৰিবেশ পৰিলক্ষিত হয় । পূৰ্ব পুৰুষৰ পৰা চলি (৬০/৭০ বছৰৰ) অহা সমবায় ভিত্তিত এই ন খোৱা উৎসৱৰ দিনা সকলোৱে আনন্দত আত্মহাৰা হৈ লগে ভাগে তৃপ্তিৰে এসাজ খাই নৱবৰ্ষক আদৰাৰ লগতে নিজৰ পৰম্পৰাগত ৰক্ষা কৰি আনন্দত নাচি বাগি ফূৰ্তি কৰি গাঁৱৰ ডেকা, গাভৰু, শিশু, কিশোৰ কিশোৰী বৃদ্ধ,বনিতাই সমবায় পথাৰত নিজকে উৎসৰ্গিত কৰি নিজৰ বংশানুক্ৰমে চলি অহা পৰম্পৰাগত ভাবে চলি অহা ন-খোৱা প্ৰথাক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰে। ইয়াৰোপৰি আজি জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত, পাণপুৰৰ ষষ্ট সংযোজনকে ধৰি ই‌য়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বোৰত বনভোজৰ দলে ভিৰ কৰা পৰিলক্ষিত হৈছে ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।

Leave A Reply

Your email address will not be published.