জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ

0 213

শিক্ষা বিভাগে মূল্যায়ন পদ্ধতিৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাচত ৰাজ্যৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়ত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ গ্ৰামাঞ্চলত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ এবাৰ সৰ্বাধিক হোৱাত একাংশ বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ নামভৰ্ত্তিৰ সংখ্যা বৃদ্ধি কৰি হ`লেও সমস্যা সমাধানৰ চেষ্টা অব্যাহত ৰাখিছে৷
এই ক্ষেত্ৰত জামুগুৰিহাটৰ অন্যতম শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্দিষ্ট সংখ্যক আসন বৃদ্ধি কৰি নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ নামভৰ্ত্তি ব্যৱস্থাপনাৰ আহ্বায়ক তথা শিক্ষক নিতুমনি বৰাই ৷ শিক্ষক গৰাকীয়ে কয়-ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰলৈ চাই আমি এবাৰ মুঠ তিনিশ ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ সুযোগ দিছো ৷ তাৰে কলা শাখাত দুশ, বিজ্ঞান আৰু ভোকেচনেল শাখাত পঞ্চাশ জনকৈ ছাত্ৰ ছাত্ৰীৰ নামভৰ্ত্তিৰ সুবিধা প্ৰদান কৰা হব ৷ ৩ আগষ্টৰ পৰা নামভৰ্ত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে প-পত্ৰ সমুহ বিতৰণ কৰি থকা হৈছে ৷ অফ লাইন আৰু অন লাইন দুয়োটা প্ৰক্ৰিয়াতে ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্ত্তিৰ সুবিধা ল`ব পাৰিব বুলি নামভৰ্ত্তি ব্যৱস্থাপনাৰ আহ্বায়ক নিতুমনি বৰাই জানিবলৈ দিছে৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.