যিটো সময়ত ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলে এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাবলৈ লৈছে,ঠিক তেনে সময়তে বাক্সা জিলাৰ এগৰাকী ব্যক্তিয়ে দেখুৱাইছে এক উৎকৃষ্ট নিদৰ্শন৷ এই ব্যক্তিগৰাকীৰ নাম হ’ল মৃণাল বায়ন। ঘৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত সোণাপুৰ কৰমতুলী গাঁৱত। পেছাত ব্যক্তি গৰাকী এজন শিক্ষক। ব্যক্তিগৰাকী শিক্ষক হৈও আন দহজনৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক। চৌখুঁটি হাইস্কুলৰ টে’ট শিক্ষক মৃণাল বায়নে নিজৰ ঘৰৰ বাৰীতে ৰোপণ কৰা আম,তেঁতেলি , নেমু আদিৰে আচাৰ প্রস্তুত কৰিছে। জানিব পৰা মতে, মৃণাল বায়নে লকডাউনৰ আজৰি সময়ত প্ৰথমে আচাৰ প্ৰস্তুত কৰি চিনাকি মানুহ অথবা বন্ধু-বান্ধৱিক বিক্ৰী কৰিছিল। বিশেষকৈ চ`চিয়েল মিডিয়াত দিয়াৰ পাছত মৃণালৰ আচাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ আচাৰ কোম্পানী খুলিবলৈ সক্ষম হয়। ‘জিভাৰ পানী’ নামৰ এটা আচাৰ কোম্পানী খুলি তেওঁ গাঁৱৰ কেইবাগৰাকীও শিক্ষিত নিবনুৱাক সংস্থাপন দিছে। নামনি অসমৰ প্রায় সকলো ঠাইতে ‘জিভাৰ পানী’ নামৰ আচাৰ বিধৰ যথেষ্ট চাহিদা আছে। অৱশ্যে বৰ্তমান কৰ’নাৰ পৰিস্থিতিৰ বাবে আচাৰ বিধৰ মাৰ্কেটিং ভালদৰে হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন