জীৱন ৰক্ষা শীৰ্ষক এক সজাগতামূলক কাৰ্য্যসূচী অনুষ্ঠিত

0 296

অসম চৰকাৰৰ পৰিবহন বিভাগ, স্পেচবাৰ্জ আৰু অসম যুৱ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত গণেশগুৰি উৰনীয়া সেতুৰ তলৰ পৰা পথ সুৰক্ষা , জীৱন ৰক্ষা শীৰ্ষক এক সজাগতামুলক কাৰ্য্যসূচী অনুষ্ঠিত হয় । এই কাৰ্য্যসুচীৰ শুভ উদ্বোধনী কৰে কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাস , পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া , অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ অধ্যক্ষ সুনীল ডেকা , জনপ্ৰিয় অভিনেতা যতীন বৰা , বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে । অনুষ্ঠানত উপস্থিত থকা পৰিবহন বিষয়া গৌতম দাসে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মবোৰ মানি চলিবলৈ আহ্বান জনায় । পশুধন নিগমৰ অধ্যক্ষৰ মনোজ শইকীয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই যান বাহন চলাচলত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় । সজাগতা সভাৰ পিছতেই এক বিশাল মটৰ চাইকেল ৰেলী উলিয়াই পথ সজাগতাৰ ওপৰত ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হয়।

Leave A Reply

Your email address will not be published.