জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ উপবনত শিলান্যাস স্থাপন কৰিলে পৰিমল শুক্লবৈদ্যই

0 286

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই কালি বিহালীত উপস্থিত হৈ বিহমৰাৰ  জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এখন উপবনত শিলান্যাস স্থাপন কৰে।উল্লেখযোগ্য যে প্ৰায় তিনি হেক্টৰ জুৰি আৱৰি থকা উপবন খন পৰিভ্ৰমণ কৰি তেখেতে গছৰ পুলি ৰোপন কৰে।
 
জানিব পৰা মতে এই উপবন খনত প্ৰায় ১০০০ বিধ দুষ্পাপ্য ফুল,ফল,ঔষধি ,বিভিন্ন গছ আছে।এই সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰাকৃতিক সংৰক্ষণ কৰাটো আমাৰ সকলোৱে কৰ্তব্য । লগতে বনাঞ্চল সংৰক্ষণৰ  বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক শলাগ লয়।

Leave A Reply

Your email address will not be published.