গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মাজৰ বাহৰৰ স্থায়ী বাসিন্দা তথা স্বৰ্ণপদক প্ৰাপক জ্যোতিষ শাস্ত্ৰী নৰেন্দ্ৰ নাথ শৰ্মাক এইবছৰ ৱৰ্ল্ড এষ্ট্ৰ’ ছচাইটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে । জ্যোতিষ ৰত্ন তথা চন্দ্ৰগুপ্ত পঞ্জিকাৰ সহকাৰী গণনাকাৰী নৰেন্দ্ৰ নাথ শৰ্মাই কলকাতাৰ অভিজ্ঞ জ্যোতিষী ডঃ বেণী মাধৱ চক্ৰৱৰ্তীৰ অধীনত “জ্যোতিষ তন্ত্ৰ বাস্তু” শীৰ্ষক গৱেষণা কাৰ্য সম্পাদন কৰে । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এল এইছ বি মঞ্জুলা দেৱীৰ স্বামী তথা গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ স্বাস্থ্য কৰ্মী জি এন এম ৰূপশিখা শৰ্মা আৰু পশ্চিম গুৱাহাটী ছাত্র সন্থাৰ সভাপতি জিন্টুমণি শৰ্মাৰ পিতৃ নৰেন্দ্ৰ নাথ শৰ্মাৰ এনে সাফল্যত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল – সংগঠনে সন্তোষ প্রকাশ কৰাৰ লগতে জ্যোতিষ ৰত্ন শৰ্মাক আদৰণি জনাইছে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন