জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিক সকাহ যোগাইছে এজন যুৱকে

0 292

চৌদিশে ক’ৰণাৰ আতংকৰ বাবে অব্যাহত থকা লক ডাউন মাজতে জৰুৰীকালীন কৰ্মত নিয়োজিত লোকসকলক খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে পলাশবাৰীৰ বিজয়নগৰ নিবাসী উদীয়মান যুৱক দীপক আগৰৱালাই।
 
দেশৰ এনে দু:সময়ৰ মাজতেই দক্ষিণ কামৰূপৰ বাণিজ্যৰ কেন্দ্ৰস্বৰূপ বিজয়নগৰত মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱক তথা পেছাত কাপোৰ ব্যৱসায়ী দীপক আগৰৱালাই বিজয়নগৰত অহৰহ কৰ্তব্যত ব্যস্ত থকা আৰক্ষী বিষয়াকে ধৰি অগ্নি নিৰ্বাপক বাহিনী, সংবাদকৰ্মী, সেনা বাহিনীৰ লোকসকলক প্ৰতিদিনেই বিভিন্ন খাদ্য যোগান ধৰি আহিছে। যুৱকজনৰ এনে মহানুভৱতাক সচেতন মহলে প্ৰশংসা কৰিছে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.