টপচেম চিমেণ্টে চতুৰ্থবাৰলৈ আয়োজন কৰে বিনামূলীয়া কেটাৰেক্ট চকু চাৰ্জাৰী শিবিৰ

0 252

টপচেম চিমেণ্ট কৰ্পোৰেট সামাজিক দায়বদ্ধতা চি এছ আৰৰ অধীনত গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ উদ্যোগত এক বিনামূলীয়া চকু স্ক্ৰীনিং আৰু কেটাৰেক্ট চাৰ্জাৰী শিবিৰ আয়োজন কৰে।
মেঘালয় চিমেণ্ট লিমিটেডে ২০১৮ চনৰ পৰা এইবাৰ সহ চতুৰ্থবাৰলৈ বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ আয়োজন কৰে।য’ত শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ এটা বিশেজ্ঞ দলে দৰং আৰু কামৰূপ গ্ৰাম্য জিলাৰ ২৪১ জন চকুৰ ৰোগীক পৰীক্ষা কৰে।
ইয়াৰে ২৫ জন ৰোগীৰ কেটাৰেক্ট চাৰ্জাৰীৰ ব্যয় টপচেম চিমেন্টে নিজাববীয়াকৈ বহল কৰিব।ইয়াৰ প্ৰথম বেটছৰ ১২ জন ৰোগীৰ শংকৰদেৱ নেত্ৰালয়ত ১৮,২৭ নৱেম্বৰ আৰু ১ ডিচেম্বৰত কেটাৰেক্ট চাৰ্জাৰী সফলতাৰে সম্পন্ন হৈছে।অহা সময়ত ১৩ জনৰ কেটাৰেক্ট চাৰ্জাৰী কৰা হ’ব।সামাজিক দায়বদ্ধতাৰূপে ৰাজ্যৰ আর্থিকভাৱে জুৰুলা লোকসকলৰ বিনামূলীয়া চকু চিকিৎসা সেৱা প্ৰদানৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি এটা অংশ টপচেম চিমেণ্টৰ।
এই সম্পৰ্কে মেঘালয় চিমেণ্ট লিমিটেডৰ চেলছ আৰু মাৰ্কেটিংৰ অধক্ষ্য ডঃ অনিল কাপুৰে কয় চকু হৈছে ঈশ্বৰৰ এটা আটাতকৈ সুন্দৰ আৰু মূল্যবান উপহাৰ যি এজনৰ অন্তৰ আত্মাৰ কথা কয়।
ভাৰতত অন্ধতাৰ মুখ্য কাৰণ হৈছে কেটাৰেক্ট।অন্ধতাৰ অন্য এটা কাৰণ হৈছে দৰিদ্ৰতা।এই কাৰ্যই পৰামৰ্শ দিছে যে কেটাৰেক্ট চাৰ্জাৰী দৰিদ্ৰতা হ্ৰাস কৰা বাবে প্ৰস্তুৰ কৰা কৌশলৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগে। টপচেম চিমেণ্টৰ উদ্যোগত বিনামূলীয়া কেটাৰেক্ট চাৰ্জাৰী শিবিৰ আয়োজনৰ উদ্দেশ্য হৈছে ইয়াৰ সংখ্যা হ্ৰাস কৰা।যোৱা তিনি বছৰত প্ৰায় ১০০ জন লোকৰ এই চিকিৎসা কৰা হৈছে।ইয়াৰ বাবে ৰোগী সকল অত্যন্ত সুখী।কিয়নো তেওঁলোক ইয়াৰ পৰা উপশম হৈ উঠিছে।

Leave A Reply

Your email address will not be published.