টাই আহোম ৰীতি আৰু হিন্দু নিয়ম অনুসৰি সৎকাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ

0 285

পঞ্চভুতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ৷ টাই আহোমৰ পৰম্পৰাগত ৰীতি আৰু হিন্দু নিয়ম অনুসৰি অন্তিম সৎকাৰ নৱগ্ৰহত সম্পন্ন হয়।
 
 
পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ নশ্বৰ দেহত মুখাগ্নি কৰে।অন্তিম মূহুৰ্তত নৱগ্ৰহত উপস্থিত থাকে পত্নী ডলী গগৈৰ লগতে বহুকেইগৰাকী আত্মীয় স্বজন আৰু শুভাকাংক্ষী।
 
অশ্ৰুসিক্ত নয়নেৰে অজস্ৰজনে তেওঁক জনালে অন্তিম বিদায়।তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত থকাৰ পাছতো জীৱনৰ অন্তিম মূহুৰ্তত এজন অতি সাধাৰণ লোকৰ দৰেই তেখেতে জীৱন অতিবাহিত কৰিছিল।তেওঁৰ আদৰ্শ,মৰম,চিন্তা আৰু কৰ্মৰাজি সদায়েই অসমৰ সমাজ জীৱন তথা অসমবাসীৰ হৃদয়ত জীপাল হৈ থাকিব।

Leave A Reply

Your email address will not be published.