টাকাম মিচিং পৰিন কেবাঙৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী

0 270

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কালি ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত টাকাম মিচিং পৰিন কেবাঙৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে টাকাম মিচিং পৰিন কেবাং হ’ল মিচিং জনগোষ্ঠীৰ এক শক্তিশালী ছাত্ৰ সংগঠন।এই সংগঠনটো ১৯৭১ চনত প্ৰতিষ্ঠা হৈছিল।
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিচিং সকল হ’ল ৰাজ্য খনৰ এক সাংস্কৃতিক তথা বৌদ্ধিক ভাৱে সবল জনগোষ্ঠীৰ।এই জনগোষ্ঠীৰ টাকাম মিচিং পৰিন কেবাঙে ইয়াৰ জনমলগ্নৰে পৰা জনগোষ্ঠীটোক শৈক্ষিক তথা অন্যান্য দিশেৰে আগুৱাই নিয়া দিশত বিশেষ ভূমিকা পালন কৰি আহিছে।সেয়েহে বিগত ৫০ বছৰ ধৰি এই সংগঠনটোৱে মিচিং জনসাধাৰণৰ পৰা যথেষ্ট মৰম আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।সংগঠনটোৱে ভৱিষ্যতেও মিচিং জনগোষ্ঠীৰ নৱ প্ৰজন্মক দক্ষতা আৰু জ্ঞান আহৰণ দিশত উদ্ধুদ্ধ কৰি জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ দিশত পদক্ষেপ লৈ যাব লাগিব বুলি তেওঁ কয়।
মিচিং জনগোষ্ঠীৰ লোকসকলে বান আৰু গৰাখহনীয়া দৰে প্ৰত্যাহ্বান নেওচি সকলো দিশতে সফল হ’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লাইকা দধিয়াৰ ভূমিহীন জনসাধাৰণক অতিশীঘ্ৰে সংস্থাপিত কৰা হ’ব। ইয়াৰ বাবে ৰাজ্যৰ বনমন্ত্ৰী গৰাকীৰ নেতৃত্বত ৰাজ্য চৰকাৰে এখন বিশেষজ্ঞ কমিটি ইতিমধ্যে গঠন কৰি দিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মিচিংজনগোষ্ঠীক বৃহত্তম অসমীয়া জাতিৰ এক শক্তিশালী আৰু অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই জনগোষ্ঠীৰ তৰুণ চন্দ্ৰ পামেগাম, ইন্দিৰা মিৰি,ড° টাবুৰাম টাইড, যাদৱ পায়েং আৰু বহু সংখ্যক ব্যক্তিয়ে ৰাজ্য খনৰ সামগ্ৰীক উত্তৰণৰ দিশত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।
জোনাইত নিজৰ শৈশৱৰ স্মৃতি স্মৰণ কৰি মুখ্যমন্ত্ৰী য়ে কয় যে মিচিং সকল হ’ল অত্যন্ত হৃদয়ৱান,নম্ৰ আৰু উচ্চ চিন্তা ধাৰাৰ জনগোষ্ঠী। মিচিংজনগোষ্ঠীক সাংবিধানিক সুৰক্ষা দিয়াৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ লৈ যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে টাকাম মিচিং পৰিন কেবাঙক জনগোষ্ঠীটোৰ যুৱ শক্তিক শৈক্ষিক দিশেৰে আগুৱাই নিয়াৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে আহ্বান জনায়।মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ লগতে সাংস্কৃতিক আৰু ক্ৰীড়াৰ দিশতো যুৱ চামক উদ্ধুদ্ধ কৰাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়।এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে শিক্ষাগুৰু আৰু অভিভাৱক ছাত্ৰ-ছাত্ৰীক সকলো দিশতে উৎকৰ্ষতা প্ৰদৰ্শন কৰাৰ বাবে উদ্ধুদ্ধ কৰিবলৈ আহ্বান জনায়।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জোনাই বিধায়ক ভুৱন পেগু,ধেমাজি বিধায়ক ডাঃ ৰনোজ পেগু,মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ পৰমানন্দ চায়েংগিয়াক মিচিং বসতিপ্ৰধান এলেকাৰ ক্ষিপ্ৰ উন্নয়ন সাধনৰ বাবে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
আজি এই অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,তাপিৰ গাও, ভুৱন পেগু,ডাঃ ৰনোজ পেগু,বলিন চেতিয়া,অৰুণাচলৰ কেইবাগৰাকীও বিধায়ক, পৰমানন্দ চায়েংগিয়াৰ,ৰাজকুমাৰ মৰাং,আদিত্য খাকলাৰী,দিপেন বড়ো,গোর্খা,সোণোৱাল কছাৰী,ডিমাচা,কাৰ্বি ছাত্ৰ সন্থাৰ কেইবাগৰাকী প্ৰতিনিধি উপস্থিত থাকে

Leave A Reply

Your email address will not be published.