টিক টকৰ ভিডিঅ’ৰ বাবে বিধায়কৰ দৃষ্টিগোচৰ হ’ল গাঁৱৰ এটা ৰাস্তা

0 287

বৰ্তমান বিশ্বৰ এটি জনপ্ৰিয় এপ টিক টক, আৰু এই টিক টক প্ৰায় সকলোৱে মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰে । কিন্তু এই টিক টকতেই ভাইৰেল হোৱা মাত্ৰ ১৫ চেকেণ্ডৰ এটা বিশেষ  ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিলে গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰক । ল’ৰাজনৰ নাম হ’ল বিশ্বজিত ৰায় । ঘৰ গোলকগঞ্জৰ হালাকুৰা জিনকাটাত অৱস্থিত। ল’ৰাজনৰ ঘৰৰ ৰাস্তাটো একেবাৰেই বেয়া। সেয়ে টিক টকৰ ভিডিঅ’টোৰ জৰিয়তে ল’ৰাজনে বিধায়ক গৰাকীৰ এখন ফটো কেলেণ্ডাৰত ৰাজবংশী ভাষাত বিধায়ক গৰাকীক উল্লেখ কৰি কয় যে ” কাকু আমাৰ ৰাস্তাটা দয়া কৰি ঠিক কৰি দেন চলা ফিৰা খুব কঠিন হওয়া গেইছে এই দেখো ৰাস্তাটাত ধূলায় ধূলা “। আৰু এই বিশেষ ভিডিঅ’টো ছচিয়াল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতেই বিধায়ক গৰাকীয়ে ল’ৰাজনক লগ ধৰি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা কৰি অচিৰেই ৰাস্তাটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ।আনকি সমষ্টিৰ হকে ল’ৰাজনৰ এই ইতিবাচক চিন্তাক শলাগ জনাই উজ্জল ভৱিষ্যত কামনা কৰে বিধায়ক গৰাকীয়ে ।খবৰ যুগুতালে গোলকগঞ্জৰ পৰা দীপ মহন্তই..

Leave A Reply

Your email address will not be published.