নিজ মাতৃৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে চিকিৎসক ডা:সঞ্জীৱ বৰুৱাই প্ৰবৰ্তন কৰা পদ্মা বৰুৱা বঁটা মংগলবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা টীয়কৰ সন্তান ডা:বৰুৱাই টীয়ক উচ্চ ইংৰাজী বিদ্যালয় আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতীত্বৰে উৰ্তীন হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰী সকলক আগবঢ়াই আহিছে এই বঁটা ।এই বঁটাত এখন মানপত্ৰ সহ নগদ ধনৰ টোপোলা আগবঢ়াই চিকিৎসক গৰাকীয়ে । এই উপলক্ষ্যত টীয়ক হাইস্কুলত অনুষ্ঠিত এক অনুষ্ঠানত দীপ মিলি আৰু অঙ্কুৰজ্যোতি ভূঞাক আৰু টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত নেহা বেগম,ময়ূৰপংখী শইকীয়া আৰু নমিতা বাৰিকক এই বঁটা প্ৰদান কৰা হয় । তদুপৰি পূৰ্বে এই বঁটা প্ৰাপক কেইবাগৰাকী ছাত্ৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।এই অনুষ্ঠানত ডাঃ সঞ্জীৱ বৰুৱাৰ উপৰি চিকিৎসক ডাঃ ৰাধেশ্যাম গগৈ, টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক ঊজ জামান,বিদ্যালয় দুখনৰ প্ৰধান ক্ৰমে ৰূপাঞ্জলী হাজৰিকা আৰু ৰাজু কুমাৰ শইকীয়া উপস্থিত থাকে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন