টীয়কত বিজেপি দলৰ প্ৰসংশনীয় পদক্ষেপ

0 216

ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ,ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সকলো বুৰাই পেলাইছে।ঘৰ দুৱাৰ সা সম্পত্তিকে ধৰি শ শ বিঘা কৃষিভূমি এতিয়া পানীৰ তলত।
 
 
কৃষকসকলৰ সোণোৱালী সপোন যেন তচ নচ কৰি পেলাইছে বলীয়া বানে।মানুহ পশুধন সকলো ওখ স্থানত সহ বাস কৰিবলগীয়া হৈছে।চৰকাৰে ক’ভিড যুঁজৰ সমান্তৰালকৈ এইসকল বানাক্ৰান্তক খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সাহাৰ্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিজেপি দলৰ বিভিন্ন সদস্য এই দুৰ্যোগৰ সময়ত আৰ্তসকলৰ মাজত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছে।
 
 
আজি যোৰহাট জিলা বিজেপিৰ উদ্যোগত তথা জিলা কৃষি বিভাগ আৰু ৰাইজৰ সহযোগত টীয়কৰ ৰজাবাৰী অঞ্চলত প্ৰায় ১০ বিঘা মাটিত ধানৰ বীজ সিচা হৈছে যাতে পৰৱৰ্ত্তী সময়ত বানত সৰ্বস্বান্ত হোৱা কৃষকসকলৰ মাজত বিতৰণৰ কৰিব পাৰে।
 
 
জিলা সভাপতি কামাখ্যা মোহন দাস, জিলা সম্পাদক অমৰ শইকীয়া লগতে মণ্ডল পৰ্য্যায়ৰ কেইবাজনো দলীয় বিষয়ববীয়াৰ উপস্থিতত আনুষ্ঠানিকভাৱে থলুৱা জাহিঙীয়া ধানৰ বীজ সিচা হয় আৰু এই বীজৰ কঠিয়াই অনাগত দিনত বানাক্ৰান্ত কৃষকসকলক বাৰুকৈ উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে ।দলীয় কাম কাজৰ সমান্তৰালকৈ আৰ্তসকলৰ বাবে বিজেপি দলে লোৱা এই পদক্ষেপক এতিয়া আদৰণি জনাইছে সৰ্বত্তে।

Leave A Reply

Your email address will not be published.