টীয়কত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

0 186

সমগ্ৰ দেশতে ১ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈকে ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন কৰা হৈছে। টীয়কতো বনাই চুমৈমৰা অংগনবাড়ী কেন্দ্ৰত কলিয়াপানী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত তামুলীচিগা ২নং চাৰ্কোলৰ অধীনত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন কৰা হৈছে।বিশেষকৈ শূণ্যৰ পৰা এহেজাৰ দিনৰ শিশুসকল যাতে পুষ্টিহীনতাত নুভোগে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে সমগ্ৰ দেশতে এই পোষন মাহ উদযাপন কৰা হৈছে।গৰ্ভৱতী মহিলাৰ যাতে গৰ্ভস্থ অৱস্থাত এনিমিয়াৰ দৰে ৰোগত ভোগিবলগীয়া নহয় লগতে শিশুসকলেও যাতে থলুৱা খাদ্যৰ যোগেদিয়েই পৰ্যাপ্ত পুষ্টি লাভ কৰিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি বিশেষকৈ গ্ৰাম্যাঞ্চল এক সজাগতা অনাৰ স্বাৰ্থত উক্ত সংহতৰ অধীনৰ মহিলাসকলে কচু,ঢেকীয়াকে ধৰি গ্ৰাম্যাঞ্চলত সহজতে উপলব্ধ বিভিন্ন জাতীয় খাদ্যৰ পৰাই যে মাতৃ সন্তানে উপযুক্ত পুষ্টি লাভ কৰিব পাৰে তাৰ আভাস দিবলৈ চেষ্টা কৰিছে।উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বন্তি প্ৰজ্বলন,বিভিন্ন ঔষধিযুক্ত গছপুলি ৰোপণ কৰাৰ লগতে এক সজাগতা ৰেলী কৰাৰ লগতে অঞ্চলৰ মহিলাসকলক লৈ এখনি সজাগতামূলক সভাৰো আয়োজন কৰিছে।
বাতৰি যুগুতালে উৎপল খাউণ্ডে..

Leave A Reply

Your email address will not be published.