টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নাছাৰ স্বীকৃতি

0 240

আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান NASA ৰ অন্তৰ্গত international Asteroid Search Campaign চমুকৈ IASC ৰ গ্ৰহানু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্ৰহণ কৰি সফলতাৰে চাৰিটাকৈ উল্কাপিণ্ড চিহ্নিত কৰি NASA ৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক-আৱিষ্কাৰক হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কংকন কিশোৰ দত্তই । দত্তৰ উপৰি ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গঙ্গাচৰণ ধনদা বিদ্যাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সৰ্ব শিক্ষা মিচন গুৱাহাটীৰ কুলদীপ শেনচোৱাইও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।আমেৰিকাৰ হাৱাইত থকা PAN STARRS টেলিস্কোপৰ পৰা মহাকাশৰ ফটো সংগ্ৰহ কৰি বিশেষ কম্পিউটাৰ প্ৰগ্ৰামৰ বিশ্লেষণ কৰি পোৱা প্ৰতিবেদন IASC ক যোগান ধৰিছিল। দলীয় ভাবে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অন্তৰ্গত স্বতন্ত্ৰীয় সংস্থা বিজ্ঞান প্ৰচাৰ (VIPNET)ৰ হৈ কাম কৰিছিল। ক’ভিড মহামাৰীৰ দুৰ্দিনৰ সময়ত আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা অসমৰ চাৰি শিক্ষকৰ এই সফলতাক সমগ্ৰ অসমৰ বিদ্বান মহলে শুভেচ্ছা জনাইছে।ইপিনে কংকনৰ এই সফলতাত সমগ্ৰ টীয়কবাসীয়ে এতিয়া গৌৰৱ অনুভৱ কৰি অনাগত দিনতো এনে কাৰ্যৰ জড়িয়তে কংকন সমগ্ৰ ৰাজ্যবাসীক গৌৰাম্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.