ডাঁক বিভাগে অনুষ্ঠিত কৰিলে মাণ্ডলিক পৰ্য্যায়ৰ মেলা

0 223

নগাঁৱৰ শ্বহীদ ভৱনত সোমাবাৰে নগাঁও ডাক বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় মাণ্ডলিক পৰ্যায়ত PLI-RPLI মেলা। এই মেলাখনৰ জৰিয়তে ডাক বিভাগে চৰকাৰী কৰ্মচাৰীৰ বাহিৰেও সাধাৰণ লোকে কিদৰে কম কিস্তিত জীৱন সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব পাৰে তাৰেই আভাস দাঙি ধৰে।
মেলাত উপস্থিত থকা গ্ৰামীণ ডাক সেৱক সকলে ক’ভিডৰ দৰে অতিমাৰীৰ সময়তো ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে বিষয়া সকলে ধন্যবাদ জ্ঞাপন কৰে।লগতে ভুৱা মাইক্ৰ’ফাইনেঞ্চৰ হাতোৰাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি আৰু ডাক বিভাগে কি কি সুবিধা আগবঢ়াই আহিছে সেয়া জনসাধাৰণৰ ওচৰত উপস্থাপন কৰি সজাগ কৰাৰ লগতে ডাক বিভাগকো আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে।পূৰ্বতে কেৱল চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰখনহে প্ৰযোজ্য হোৱা জীৱন বীমা PLI বৰ্তমান সকলো পৰ্যায়ৰ লোকৰ বাবে RPLI উপলব্ধ।

Leave A Reply

Your email address will not be published.