ডিব্ৰুগড়ত জিলা সংগ্ৰহালয়ত নৱনিৰ্মিত ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সোনোৱালে

0 281

ডিব্ৰুগড় জিলাৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী বাস্তৱায়িত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি ডিব্ৰুগড়ত জিলা সংগ্ৰহালয়ৰ নৱনির্মিত ভৱনটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।
৩.৪৩ কোটি টকা ব্যয়ে নিৰ্মান কৰা এই তিনিমহলীয়া ভৱনটোত ছয়টা গেলাৰী, এটা পাৰ্কিং স্থলী, এটা প্ৰেক্ষাগৃহ,কাৰ্য্যালয় কক্ষ আদি ব্যৱস্থা ৰখা হৈছে। প্ৰস্তাৱিত ছয়টা গেলাৰীৰ ভিতৰত পুৰাতত্ত্ব বিষয়ক গেলাৰীটো ৰাইজৰ দৰ্শনৰ বাবে এতিয়া সম্পূৰ্ণ হৈ উঠিছে। এই গেলাৰীটো অসম ৰাজ্যিক সংগ্ৰহালয় ব্যৱস্থাপনা সমাজৰ উদ্যোগত ১১ লাখ টকা ব্যয়ৰে গঢ়ি তোলা হৈছে। স্মৰ্তব্য ১৯৮৭ চনৰ ১৬ মাৰ্চতে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয় কাম কাজ ইমান বছৰে জিলা পুথিভঁৰাল ভৱনৰ পৰাই পৰিচালিত হৈ আছিল।
নৱনিৰ্মিতিত ভৱনটি উদ্ধোধনৰ পাছতে মুখ্যমন্ত্ৰী সোনোৱালে পুৰত্বত বিষয়াক গেলাৰীটো পৰিদৰ্শন কৰে। এই গেলাৰীত প্ৰাচীন আৰু মধ্যযুগীয়া মঠ মন্দিৰসমূহ তথা অসমৰ পুৰাতাত্বিক স্থানসমূহৰ ভগ্নাৱশেষত প্ৰাপ্ত নন্দনতপ্ত আৰু প্ৰকৃতিৰ ওপৰত আধাৰিত শিলা আৰু পুৰামাটিৰ লিপি তথা ভাস্কৰ্যসমূহৰ প্ৰতিনিধিত্বমূলক বুৰঞ্জী উপস্থাপন কৰা হৈছে।
এই গেলাৰীত প্ৰাপ্ত এটা অতি উল্লেখযোগ্য সামগ্ৰী হৈছে আনুমানিক ৬৭৫-৭২৫ খৃষ্টাব্দৰ এক শিলালিপি।ইয়াৰ বাহিৰেও এই গেলাৰীত নৃগোষ্টীয় ঐতিহ্য, পৌৰাণিক মুদ্ৰা,অস্ত্ৰ-শস্ত্ৰ, পৌৰাণিক লিপি আদিও ৰখা হৈছে।
এই কাৰ্যসূচীৰ পাছত সাংবাদিক সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে এই ভৱন উন্মোচনৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবীয়ে সাকাৰ ৰূপ পালে। গুৱাহাটীস্থিত ৰাজ্যিক সংগ্ৰহালয়ৰ পিছতে ৰাইজৰ দ্বিতীয় সৰ্ববৃহৎ এই সংগ্ৰহালয় ৰাজ্যখনৰ চহকী ঐতিহ্যৰ সংৰক্ষণ আৰু উপস্থাপনৰ দিশত এই উপযুক্ত মঞ্চ হিচাপে পৰিগণিত হ’ব।
আজিৰ কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়কসকলে, ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা আৰু তেৰচ গোৱালা, সোণোৱাল কছাৰী,স্বায়ত্ব শাসিত পৰিখদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব মাধুৰীমা সেন বৰুৱা,উপায়ুক্ত পল্লব গোপাল ঝা, সংগ্ৰহালয়সমূহৰ সঞ্চালকৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.