ডিব্ৰুগড়ত তিনি প্লাজমা দাতাক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

0 225

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্লাজমা বেংকত প্লাজমা দান কৰা তিনিজন প্লাজমা দাতাক আজি ডিব্ৰুগড়ত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায়।
 
উল্লেখযোগ্য যে সম্প্ৰতিক ক’ভিড পৰিস্থিতিত ক’ভিড-১৯ ৰোগত আক্ৰান্ত ৰোগীৰ আৰোগ্য দিশত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা প্লাজমা দানৰ বাবে অধিক সংখ্যাক যোগ্য প্লাজমা দাতাসকলক উৎসাহিত কৰা বাবে ডিব্ৰুগড়ৰ এক অগ্ৰণী সামাজিক সংস্থা মাৰোৱাৰী নাট্য সমিতি আৰু ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱে যুটীয়াভাৱে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্লাজমা দান কৰা ১০০ জন প্লাজমা হিৰ’ক সম্বৰ্ধনা পত্ৰ লগতে ৫০০০ টকাকৈ নগদ ধন দি সম্বৰ্ধনা জনোৱা বাবে পদক্ষেপ লৈছিল।
 
 
আজি এই পদক্ষেপৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তিনি জন প্লাজমা দাতা ক্ৰমে ৰবি শৰ্মা, বাবুল দাস,আব্দুল নুৰক প্ৰশংসা পত্ৰ আৰু ৫০০০টকাকৈ চেক প্ৰদান কৰে।অনুষ্ঠান মুখ্যমন্ত্ৰীয়ে মাৰোৱাৰী নাট্য সমিতি আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি কয় যে প্লাজমা দাতাসকলক উৎসাহিত কৰা ই এক উল্লেখনীয় পদক্ষেপ।
 
এই পদক্ষেপক ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ প্ৰাণৰক্ষাৰ দিশত এক ইতিবাচক তথা শক্তিশালী পদক্ষেপ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে যোগ্য প্লাজমা দাতাসকলক প্লাজমা দানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।অনুষ্ঠানত ডিব্ৰুগড়ৰ সমষ্টি বিধায়ক প্ৰশান্ত ফুকন,ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লব গোপাল ঝা আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰ,উপসভাপতি মানস জ্যোতি দত্ত,মাৰোৱাৰী নাট্য সমিতি সভাপতি কৈলাশ বাগাৰিয়া,উপসভাপতি কৈলাশ ধানুকা,সমাজকৰ্মী অজিত বাজাজ,আৰু অন্যান্য গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.