ডিব্ৰুগড় এজন সাধাৰণ ব্যক্তিৰ অসাধাৰণ প্ৰতিভাই সকলোকে মোহিত কৰিছে । ব্যক্তিজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত ৩ফুট উচ্চতাৰ ইণ্ডিয়া গেট, আৰু আঢ়ৈফুট উচ্চতাৰ আইফেল টাৱাৰ ।ডিব্ৰুগড় চহৰৰ অ’ল্ড ডি.চি বাংলা পথত বাস কৰা বিবেক পল নামৰ লোকজনে নিজস্ব কৌশলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই ইণ্ডিয়া গেট আৰু আইফেল টাৱাৰ। উল্লেখ্য যে, সুদীৰ্ঘ বছৰ ধৰি বিবেকে ব্যৱসায়ৰ লগত জড়িত আছে। তাৰ মাজতে সময় উলিয়াই বিভিন্ন ধৰণৰ সৌন্দৰ্য্য বৰ্ধক সামগ্ৰী বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰি আহিছে আৰু অজস্ৰজনৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পলে বাঁহেৰে তিনিফুট উচ্চ ইণ্ডিয়া গেট নিৰ্মাণ কৰি বিশেষ চৰ্চা লাভ কৰিছে ডিব্ৰুগড় চহৰত।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন