ডিব্ৰুগড়স্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

0 225

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত উপস্থিত হৈ নতুনকৈ স্থাপন কৰা অক্সিজেন প্লাণ্ট পৰিদৰ্শন কৰে।মুখ্যমন্ত্ৰীয়ে লগতে চিকিৎসা মহাবিদ্যালয়খনত থকা ক’ভিড-১৯ চিকিৎসা ব্যৱস্থাৰ আন্ত:গাঁথনিৰো বুজ লয়।মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়স্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰি জ্যেষ্ঠ চিকিৎসক সকলৰ সৈতে ক’ভিড সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ চিকিৎসা আন্ত:গাঁথনিৰো বুজ লয়।উল্লেখ্য যে স্বাস্থ্য সেৱাৰ এই অগ্ৰণী গৱেষণা প্ৰতিষ্ঠানটোৱে ক`ভিড মহামাৰী বিৰুদ্ধে যুঁজ দিয়াত এক শক্তিশালী ভূমিকা পালন কৰি আহিছে।
সাংবাদিকৰ সৈতে হোৱা কথোকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য খনত অক্সিজেন চিলিণ্ডাৰ আৰু যোগান যাতে পৰ্যাপ্ত পৰিমাণৰ উপলব্ধ থাকে তাৰ ওপৰত ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে।লগতে কয় যে অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন প্লাণ্টৰ ক্ষমতা বৃদ্ধিৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে।এই ক্ষেত্ৰত অইল ইণ্ডিয়াই সহযোগিতা আগবঢ়াব।অহা তিনি মাহৰ কাৰণে অক্সিজেন যাতে কোনো ধৰণৰ নাটনি নহয় তাৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে।আজি ইয়াত জেনেৰেশ্যন প্লাণ্ট ,কনজেনট্ৰেটৰ ,ষ্ট্ৰে’ৰেজ ইত্যাদি সকলোবোৰ ক্ষেত্ৰতে বিশেষ ভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে।ইয়াৰ উপৰিও এই চিকিৎসা মহাবিদ্যালয়ত ৬০ খন আই চি ইউ ,ভেন্টিলেটৰৰ ব্যৱস্থা ৰখা আছে বুলি উল্লেখ কৰি অহা ২৫ খন আই চি ইউ বেড বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।লগতে এইবাৰো আমি সন্মিলিত ভাৱে ক’ভিড ৰ বিৰুদ্ধে যুঁজ দি সফল হ’ম বুলি কয়।তেওঁ কয় যে চিকিৎসক ,নাৰ্ছ,আশা কৰ্মী,লেবৰেটৰী টেকনিচিয়ানকে ধৰি সকলোৱে ক’ভিড-১৯ ৰ এই যুঁজ খনত দিনে-নিশাই কাম কৰি আহিছে।

Leave A Reply

Your email address will not be published.