ঢকুৱাখনাত গনশক্তি দলৰ ক`ভিড সজাগতা অভিযান

0 224

মাৰাত্মক অতিমাৰী ক`ভিড১৯ ৰ কৰাল গ্ৰাসৰ পৰা নিজৰ লগতে সমাজৰ প্ৰতিগৰাকী নাগৰিকক মুক্ত কৰাৰ আহ্বানেৰে ব্যাপক সজাগতা অভিযান আৰম্ভ হৈছে ঢকুৱাখনা মহকুমাত। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ২১খন পঞ্চায়তত এই ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে সন্মিলিত গনশক্তি অসমে। শুক্ৰবাৰে এই গণ সজাগতা অভিযানৰ শুভাৰম্ভ কৰা হয় পূব ঢকুৱাখনা ,মাতমৰা আদি পঞ্চায়তত। গনশক্তি অসমৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত আঞ্চলিক আৰু পঞ্চায়ত সমিতি সমূহৰ কৰ্মকর্তা সকলে সামাজিক দূৰত্ব মানি গাঁৱে গাঁৱে মাইক যোগে স্বাস্থ্য সজাগতা বিধিৰ প্ৰচাৰ কৰাৰ লগতে ক`ভিড সংক্ৰমণ ৰোধৰ বাবে জনসাধাৰণে গ্ৰহণ কৰিবলগীয়া কৰণীয়তা সন্দৰ্ভত গঞাক বিশদ ভাৱে বুজাই দিয়ে। সাম্প্ৰতিক জটিল পৰিবেশ পৰিস্থিতিত আংশিক লক ডাউন আৰু সান্ধ্য আইন উলংঘন নকৰি চৰকাৰী নীতি নিৰ্দেশনা দায়বদ্ধতাৰে পালন কৰাৰো আহ্বান জনায় সজাগতা অভিযান কালত। নাগৰিকৰ সজাগ আৰু সচেতনতাইহে কোভিডক পৰাভূত কৰাটো সম্ভৱ বুলি কৈ “গনশক্তি”য়ে অনাগত সময়ত ঢকুৱাখনা মহকুমাৰ সকলো পঞ্চায়ত এনে সজাগতা অভিযানেৰে সামৰি লব বুলি জানিবলৈ দিলে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.