ঢকুৱাখনাত চাৰিকঢ়িয়া মহোৎসৱ-২০২২ৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন

0 200

প্ৰকৃতিৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনাৰ জাউতি যুগীয়া স্বাভিমানৰ প্ৰতীক চাৰিকঢ়িয়া নদীৰ অৱবাহিকাত বসবাস কৰা ভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ  বাঙ্ময় প্ৰকাশৰ লক্ষ্যৰে ২০১৫ চনৰ পৰাই সমান্তৰালভাবে উদযাপিত হৈ আহিছে চাৰিকঢ়িয়া মহোৎসৱ।  প্ৰতি তিনিটা বছৰৰ বিৰতিৰ পাছত উদযাপিত হৈ অহা এই মহোৎসৱটি ২০২২ বৰ্ষত উদযাপনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । অহা ৬,৭,৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিতব্য  মহোৎসৱ সন্দৰ্ভত অনুষ্ঠিত ৰাজহুৱা সভাই এখন উদযাপন সমিতি গঠনৰ পাছত  আজি মহোৎসৱৰ উদযাপন সমিতিৰ এটা অস্থায়ী কাৰ্যালয়ৰ নগৰ চাৰিআলিত  দ্বাৰ উন্মোচন কৰা হয়। আজি বিয়লি মহোৎসৱ সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ , সম্পাদক গণেশ চমুৱা , তথ্য প্ৰচাৰ সম্পাদক কমিন শইকীয়া, অৱসৰী শিক্ষাবিদ ভোলা নাথ গগৈ , লীলা চমুৱা , সঞ্জীৱ গগৈ ,ভাস্কৰ দাস, সমুজ্জ্বল চেতিয়া ,সুভাষ বৰপাত্ৰ  আদিৰ লগতে উদযাপন আৰু মূল সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তাৰ উপস্থিতিত মাংগলিক পৰিবেশত কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে প্ৰবীণ শিক্ষাবিদ ভোলানাথ গগৈয়ে । আয়তীৰ উৰুলি, গায়ন বায়ন,  ঢোল তালৰ বিনন্দীয়া পৰিবেশত অস্থায়ী কাৰ্য্যালয়ৰ ফিটা কাটি শুভ উন্মোচন কৰি  স্বকীয় বাৰেৰহনীয়া লোক কলা ,কৃষ্টি সংস্কৃতিৰ লগতে নাট্য সাহিত্যৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে বিভিন্ন কার্যক্রমণিকাৰ লগতে  মহোৎসৱৰ আটাইকেইটা দিনৰ কাৰ্যসূচীত লোক কৃষ্টি প্ৰেমীৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে দ্বাৰ উন্মোচক ভোলা নাথ গগৈয়ে। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিতব্য এই মহোৎসৱৰ সতে সংগতি ৰাখি  উদযাপন সমিতিয়ে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো প্ৰস্তুতি চলাইছে। প্ৰায় ১৫ লাখ টকা ব্যয়ৰে উদযাপিত হব লগা এই মহোৎসৱত থলুৱা পৰম্পৰাগত দিহা নাম , টোকাৰী নাম, সাহিত্য প্ৰতিযোগিতাৰ উপৰিও  পৰম্পৰাগত মিছ চাৰিকঢ়িয়া সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হ`ব বুলি তথ্য আৰু প্ৰচাৰ সম্পাদক কমিন শইকীয়াই জানিবলৈ দিছে। লগতে  প্ৰবীণ নাট্য সাধক ডঃ চন্দ্ৰধৰ চমুৱা আৰু সোনধৰ খনিকৰ সোঁৱৰণী  সদৌ অসম ভিত্তিত একাংক নাট সমাৰোহ অনুষ্ঠিত কৰা হব বুলিও জানিবলৈ দিয়ে প্ৰচাৰ সম্পাদক শইকীয়াই।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.