ঢকুৱাখনাত টাই আহোম উন্নয়ন পৰিষদৰ সামগ্ৰী বিতৰণ

0 219

ৰাজ্যখনত বসবাস কৰা টাই জনগোষ্ঠীৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গঠন কৰা টাই আহোম উন্নয়ন পৰিষদৰ অৰ্থ সাহাৰ্য্যৰে শুক্ৰবাৰে ঢকুৱাখনা মহকুমাৰ ৭৫৬ গৰাকী  আৰু বগীনদীৰ ৬৫০ গৰাকী হিতাধিকাৰীৰ মাজত  সাহাৰ্য্য সামগ্ৰী বিতৰণ পৰ্ব শুভাৰম্ভ কৰা হয় ।  ঢকুৱাখনা নগৰৰ টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ চৌহদত  এই সন্দৰ্ভত আয়োজিত  সাহাৰ্য্য বিতৰণ সভাত সভাপতিত্ব কৰে  প্ৰদীপ চমুৱাই  ।  টাই আহোম উন্নয়ন পৰিষদৰ ঢকুৱাখনা মহকুমাৰ  সদস্য  দীপক ফুকন ,  বগীনদীৰ সদস্য পিংকুৰাজ গগৈ ,ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি গুৰনেইল সিং , টাই সাংস্কৃতিক  গৱেষণা ও বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈ , কাৰ্যকৰী সভাপতি বীৰেন সন্দিকৈ , ৰঞ্জিত সন্দিকৈ , সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অচ্যুত বৰগোঁহাই , কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰেম গগৈ আদিৰ  লগতে বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত এই সামগ্ৰী বিতৰণ পৰ্ব শুভ উদ্ধোধন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়ে। 
উদ্ধোধনী ভাষণত দলেয়ে  এই আঁচনি প্ৰদানৰ বাবে  দৰিদ্ৰ, যোগ্য হিতাধিকাৰীক নিৰ্বাচনৰ  আহ্বান  জনায়।  বিধায়ক দলেয়ে টাই জনগোষ্ঠীয় ৰাইজৰ বিকাশৰ বাবে গ্ৰহণ কৰা এই উন্নয়নমূলক  আঁচনি স্বচ্ছতাৰে ,প্ৰকৃতাৰ্থত সমাজৰ উন্নয়ন হোৱাকৈ গ্ৰহণ কৰিলে আঁচনিয়ে  সফলতাৰ মুখ দেখিব আৰু দৰিদ্ৰ ৰাইজ উপকৃত হব বুলি কয়। ঢকুৱাখনা আৰু বগীনদীৰ  হিতাধিকাৰী সকলৰ মাজত  ৰন্ধন গেছ ষ্টভ ,প্ৰেচাৰ কুকাৰ  ,স্প্রে’ মেচিন আদি সামগ্ৰী বিতৰণ অনুষ্ঠানত  আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অচ্যুত বৰগোঁহাই উপস্থিত থাকি আটাছুৰ বিগত ৩১ বছৰীয়া সংগ্ৰামৰ ফচল  এই উন্নয়ন পৰিষদ বুলি কৈ  টাই আহোম ছাত্ৰ সন্থাৰ
জনজাতিকৰণৰ দাবীৰে অব্যাহত ৰখা
ধাৰাবাহিক সংগ্ৰামৰ পৰিণতিত পাছত এই পৰিষদ গঠন কৰিবলৈ ৰাজ্য চৰকাৰ বাধ্য হৈছে বুলি সভাত ব্যক্ত কৰে। বৰগোঁহায়ে উন্নয়ন পৰিষদ গঠন মানে জনজাতিকৰণ বিচৰা সংগ্ৰামখন   স্তব্ধ হোৱা নাই  আৰু নহয় বুলি কৈ স্বজাতিৰ জনজাতিকৰণ  আমাৰ আজন্ম দাবী আৰু এই দাবী কাৰ্যকৰী  নোহোৱা পৰ্যন্ত প্ৰাপ্য বিচৰা তিনি দশক জোৰা সংগ্ৰামখন স্তিমিত নহয় বুলি সকীয়াই দিয়ে।সভাত  স্বচ্ছ আৰু নিকা পদ্ধতিৰে চৰকাৰী অনুদান বিতৰণ কৰাৰ বাবে উন্নয়ন পৰিষদৰ সদস্য দীপক ফুকনৰ শলাগ লয় হিতাধিকাৰী আৰু বিভিন্ন বক্তাই । বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.