ঢকুৱাখনাত দৰিদ্ৰ পৰিয়ালৰ  অন্নদাতাৰ ৰূপত  দিল্লীৰ বেচৰকাৰী সংস্থা গৌঞ্জ

0 277

মাৰাত্মক অতিমাৰী ক`ভিড ১৯ সৃষ্ট স্থিতাৱস্থামুখী জটিল পৰিস্থিতিৰ কৰাল গ্ৰাসত পৰি  দৈনিক উপাৰ্জনেৰে দুবেলা দুসাঁজ মোকলাই অহা  শ্ৰমজীৱী   দৰিদ্ৰ ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ আৰু যন্ত্ৰণাময়  হৈ পৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ  হাজাৰ বিজাৰ পৰিয়ালৰ স্বাভাৱিক জীৱন জীৱিকালৈ এই পৰিস্থিতিয়ে  অবৰ্ণনীয় যন্ত্ৰণা নমাই অনাৰ ক্ষণতে এনেবোৰ পৰিয়ালৰ মাজত ত্ৰাণকৰ্তা হিচাপে থিয় দিছেহি নতুন দিল্লীস্থিত এটা স্বেচ্ছাসেৱী বেচৰকাৰী সংস্থাই।
গৌঞ্জ নামৰ  মানৱ দৰদী এই বেচৰকাৰী  সংস্থাটোৰ  ঢকুৱাখনাস্থিত সমন্বয়ক স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষী সকলৰ সহযোগিতাত  বিগত জটিল সময় চোৱাত  মহকুমাটোৰ সহস্ৰাধিক দৰিদ্ৰ উপাৰ্জনহীন পৰিয়ালৰ মাজত ধাৰাবাহিক হাৰত খাদ্য সামগ্ৰী ,স্বাস্থ্য সুৰক্ষা সামগ্ৰী, স্বাস্থ্য কৰ্মী সকলৰ মাজত স্বাস্থ্য পৰীক্ষা সামগ্ৰী ,ঔষধকে ধৰি  বিভিন্ন অতি জৰুৰী বিবেচিত সামগ্ৰী বিনামূলীয়া ভাৱে যোগান ধৰি বিধ্বস্ত শ্ৰমজীৱী পৰিয়াল আৰু অগ্ৰণী ক`ভিড যোদ্ধা সকলক উপকৃত কৰি আহিছে। সম্প্ৰতি এই  সংস্থাটোৰ উদ্যোগতে  খাদ্যৰ বিনিময়ত কাম নামৰ এক  সময়োপযোগী কৰ্মসূচী গ্ৰহণ কৰি গঞা কৰ্মঠ যুৱ,ব্যক্তি ,মহিলা সকলক জনসেৱামূলক কৰ্মত নিয়োজিত কৰি তাৰ বিনিময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা শিশু খাদ্যলৈকে মেটমৰা টোপোলা প্ৰদান কৰি আহিছে। কৰ্ম সংস্কৃতিৰ এক নব্য ধাৰা সৃষ্টিকৰ্তা গৌঞ্জৰ এনে অনুকৰণীয় প্ৰয়াসৰ ফলশ্ৰুতিত ইতিমধ্যে মহকুমাটোৰ কঁপহুৱা গাঁওৰ পৰা গৰৈমাৰী চাপৰি সংযোগী এখন প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ মজবুত দলং নিৰ্মাণ ,গৰৈমাৰী চাপৰি গাঁও যুৱক সংঘ আৰু গ্ৰাম্য পুথিভঁৰাল নিৰ্মাণ, জাঁজী গাঁও প্ৰাথমিক বিদ্যালয়লৈ যোৱা ১৫০ মিটাৰ পথ নিৰ্মাণ, উজনি মাতমৰা  মথাউৰীৰ পৰা গাঁওলৈ যোৱা ১২০ মিটাৰ পংকময় পথ যাতায়তৰ উপযোগীকৈ নিৰ্মাণ কৰি এনেবোৰ কামত নিয়োজিত প্ৰতি গৰাকী শ্ৰমিকক নূন্যতম প্ৰায় ১৫০০ টকা মূল্যৰ পুষ্টিকৰ ,উন্নত মানৰ একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰি আহিছে।  প্ৰচাৰ বিমুখ সংস্থাটোৱে জনোৱা মতে কামৰ বিনিময়ত খাদ্য শীৰ্ষক এই কৰ্মসূচী গ্ৰহণ কৰি  নিয়োজিত শ্ৰমিকক পৰিয়ালটোৰ সকলো সদস্য উপকৃত হোৱাকৈ প্ৰায় ১৫ দিনৰ সম্পূৰ্ণ গুণগত খাদ্য  সামগ্ৰী যোগান ধৰা হয়। গৌঞ্জৰ এইলানি কৰ্মসূচীৰ আধাৰতে বৃহস্পতি বাৰে ঐতিহ্যমণ্ডিত ফাট বিহু বাকৰিক নিকাকৰণ কৰি দৃষ্টিনন্দন কৰি তোলা হয়। গৌঞ্জৰ স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীৰ নেতৃত্বত  মহকুমাটোৰ প্ৰায় ৬৫ গৰাকী কৰ্মহীন ব্যক্তিক ফাট বিহু বাকৰিত সমবেত কৰি অপতৃণৰে ভৰি পৰা বাকৰিখন পৰিস্কাৰ কৰা হয়।  ফাট বিহু সমিতিৰ বিষয় ববীয়ায়ো অংশ লোৱা এই নিকাকৰণ পদক্ষেপৰ বাবে বছৰজুৰি  অৱহেলিত আৰু অনাদৃত হৈ  ঘন হাবি জংঘলেৰে ভৰি পৰা সমগ্ৰ বাকৰিখনত মনোমোহা পৰিবেশৰ সৃষ্টি হয়।  এই নিকাকৰণ কৰ্মত নিয়োজিত  প্ৰতি গৰাকী শ্ৰমদান কৰা ব্যক্তিক ২০ কেজি চাউল , ২ কেজি দাইল , ২ কেজি বুট , ২ কেজি চেনী , ১লিটাৰ মিঠাতেল আৰু চাবোন , মাস্ক , চেনিটাইজাৰ আদি সমৃদ্ধ টোপোলা গৌঞ্জৰ তৰফৰ পৰা যোগান ধৰা হয় ।অনাগত সময়তো মহকুমাটোত স্থানীয় ভাবে কম দিনৰ ভিতৰতে শ্ৰমিকৰ জৰিয়তে নিৰাময় কৰিব পৰা ৰাজহুৱা অভাৱ সমস্যাৰ স্থায়ী সমাধানৰ  জনমুখী আৰু জনসেৱামূলক কৰ্মসূচী  গ্ৰহণ  আৰু ৰূপায়নত গৌঞ্জয়ে নিঃস্বাৰ্থ ভাবে মনোনিবেশ কৰি যাব বুলি জানিবলৈ দিছে ।  কোভিড ১৯ সৃষ্ট অচলাৱস্থাত এটা ,বৰ্হি ৰাজ্যৰ বেচৰকাৰী সংস্থাই কৰ্মসংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি কৰ্মৰ দ্বাৰা খাদ্য অৰ্জনৰ এনে  জনহিতৈষী পদক্ষেপ গ্ৰহণ কৰি ৰজাঘৰীয়া প্ৰজাঘৰীয়া সকলোৰে দ্বাৰা উচ্চ প্ৰসংশিত  হৈছে। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.