ঢকুৱাখনাত  মিচিং ভাষাৰ ৬ মহীয়া পাঠদান আৰম্ভ

0 250

ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ স্বকীয় ভাষা শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ  লগতে  বিদ্যায়তনিক ক্ষেত্ৰত প্ৰয়োগৰ বাবে সুদীর্ঘ কাল জুৰি নিৰন্তৰ সংগ্ৰাম অব্যাহত আছে মিচিং জাতীয় সংগঠন সমূহৰ উদ্যোগত। শেহতীয়াকৈ মিচিং সাহিত্য সভা (মিচিং আগম কৌবাং)ৰ পৃষ্ঠপোষকতাত ৰাজ্যখনৰ মিচিং জনগোষ্ঠী অধ্যুষিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাধীন বিভিন্ন গ্ৰামাঞ্চলত শাখা আগম কৌবাং সমূহৰ উদ্যোগত মিচিং ভাষা শিক্ষাৰ এলানি ছয়মহীয়া  পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।দেওবাৰৰ পৰা শুভাৰম্ভ হোৱা এই প্ৰথম লানি মিচিং ভাষা শিক্ষাৰ বিনামূলীয়া পাঠদান কাৰ্যসূচী ঢকুৱাখনা জিলা আগম কেবাংৰ অন্তৰ্গত বিভিন্ন বাংকে সমিতিৰ লগতে পুৱ ঢকুৱাখনা‌ পঞ্চায়তৰ অন্তৰ্গত যোগিসুতি হাইস্কুলৰ প্ৰাংগনত যোগীসুতি বাংকে আগম কৌবাংৰ উদ্যোগত ছয় মহীয়া পাঠদান পৰ্বৰ শুভাৰম্ভ কৰা হয়।মিচিং আগম কৌবাংৰ  কেন্দ্ৰীয় সদস্য  মৃগাং প্ৰণৱ দলেয়ে শুভ উদ্ধোধন কৰা এই পাঠদান কৰ্মসূচীত  আগম কৌবাংৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য তথা সুলেখক কবি প্ৰবিন মিলি ,মিচিং আগম কৌবাংৰ পুৱ ঢকুৱাখনা‌ সমিতিৰ সভাপতি প্ৰকৃৎ মিলি, মিচিং মিমাগ কৌবাংৰ  ঢকুৱাখনা জিলা সমিতিৰ যুটিয়া সম্পাদক অমৃত দলে , সদস্য মলেশ দলে ,কিৰণ দলে , প্ৰদীপ দলে,
সদৌ অসম ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজু দলে,পুৱ ঢকুৱাখনা‌ জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক মিন্টু কুলি, কবি মোহন লাগাছুৰ লগতে মিচিং জাতিয় সংগঠন টি এম পি কে, এম এম কে , টি এম এম কে, এম এ কে, এম বি কে  , এম দি কেৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা ও বিষয় ববীয়া উপস্থিত থাকে । মুঠ ১২০ শিক্ষাৰ্থীয়ে  অংশগ্ৰহণ কৰা এই ছয়মহীয়া পাঠদান কাৰ্যসূচীৰ অন্তত পৰীক্ষা অনুষ্ঠিত হব আৰু উত্তীৰ্ণ শিক্ষাৰ্থী সকলক আগম কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰমানপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ঢকুৱাখনা জিলা সমিতিৰ  অন্তৰ্গত মুঠ ১১খন বাংকেত এই পাঠদান কাৰ্যসূচী  দেওবাৰৰ পৰা অনুষ্ঠিত  হৈছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.