ঢকুৱাখনাত মিচিং ভাষা দিৱস উদযাপন

0 285

স্বকীয় ভাষা আৰু লোক  সংস্কৃতিৰ ওপৰতে কোনো এটা জাতিৰ উত্তৰণ আৰু ভৱিষ্যত নিৰ্ভৰশীল। নিজস্ব ভাষাই জাতি এটাৰ  আয়ুস ৰেখা স্বৰূপ। যি জাতিৰ ভাষা নাই সেই জাতিৰ  ভৱিষ্যত অন্ধকাৰাছন্ন।স্বকীয় ভাষা অবিহনে জাতীয় অস্তিত্ব অমূলকেই নহয় বিপদাপন্নও । ৰাজ্যখনৰ ভূমিপুত্ৰ তথা দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ ৩৭সংখ্যক ভাষা দিৱস উপলক্ষে  শনিবাৰে আয়োজিত মুকলি সভাত এই মন্তব্য কৰে মিচিং জাতিয় সংগঠন এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক মোহন পেগুৱে। যোগীসুতি বাংকে আগম কৌবাং  আৰু আগম লঙৌৰ উদ্যোগত  পুৱ ঢকুৱাখনা‌ পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ইন্দুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত উদযাপন কৰা  মিচিং ভাষা দিৱসত বক্তব্য ৰাখি জনগোষ্ঠীয় নেতা গৰাকীয়ে স্বকীয় ভাষা ,লোক কৃষ্টিৰে সমৃদ্ধ মিচিং সকলৰ  ভাষাক মাধ্যম হিচাবে স্বীকৃতি প্ৰদানৰ বাবে সুদীর্ঘ কাল ধৰি চলাই অহা সংগ্ৰামৰ পাছতো  এই স্বীকৃতি প্ৰদান নকৰাটো খিলঞ্জীয়া জনগোষ্ঠীটোৰ প্ৰতিয়ে চৰম প্ৰতাৰণা বুলি কৈ শীঘ্ৰে  ৰাজ্য চৰকাৰে ইতিবাচক পদক্ষেপ লোৱাৰ আহ্বান জনায়  । এই উপলক্ষত পুৱা পতাকা উত্তোলন কৰে যোগীসুতি বাংকে আগম কৌবাংৰ সভাপতি ধনেশ্বৰ দলেয়ে আৰু শ্বহীদ তৰ্পণ কৰে যোগীসুতি বাংকে আগম কৌবাংৰ
সম্পাদক কমলা দলেয়ে। ভাষা দিৱসৰ সতে সংগতি ৰাখি  দুপৰীয়া বৃহত্তৰ অঞ্চলটোৰ  শিক্ষাৰ্থী সকলৰ মাজত  বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।  তাৰোপৰি স্বকীয় ভাষা সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবে  জনগোষ্ঠীয় ৰাইজ আৰু জাতীয় সংগঠন সমূহৰ কৰণীয়তা সন্দৰ্ভত মুকলি আলোচনা অনুষ্ঠিত কৰা হয়। গৰিষ্ঠ সংখ্যক জনগোষ্ঠীয় ৰাইজ , জাতীয় সংগঠনৰ নেতৃবৰ্গ, শিক্ষক, শিক্ষাৰ্থী , অভিভাৱকৰ  অংশগ্ৰহন আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে ব্ৰক্ষ্মপুত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ দলেয়ে।  , টি এম পি কেৰ প্ৰাক্তন সদস্য জ্যোতিষ পেগু ,এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ যুটিয়া সম্পাদক অমৃত দলে , উজনি ইন্দুৰ গাঁওৰ  গাম দেৱেশ্বৰ লাগাছু, পশ্চিম ইন্দুৰ গাঁওৰ গাম ধনেশ্বৰ দলে ,মাজ ইন্দুৰ গাঁওৰ গাম ধনঞ্জয় দলে ,পশ্চিম ইন্দুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশ্বিনী মিচং ,জাতীয় সংগঠনৰ  বিষয় ববীয়া যতীন দলে , দিব্য মিচং , পদ্মেশ্বৰ পেগুকে প্রমুখ্য কৰি  বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা মুকলি সভাত  মিচিং ভাষা নাথাকিলে জাতিৰ অস্তিত্ব বিপন্ন হৈ এদিন কালৰ গৰ্ভত জনগোষ্ঠীতো বিলীন হৈ যাব বুলি সভাই মত পোষণ কৰি মিচিং ভাষাক মাধ্যম হিচাবে স্বীকৃতি দিয়াৰ দাবীত অব্যাহত থকা জাতিয় সংগ্ৰামখন অনাগত সময়ত অধিক ক্ষীপ্ৰতাৰ কৰি তোলাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই  মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদানৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ জৰুৰী হস্তক্ষেপ কামনা কৰে । মিচিং আগম কৌবাংৰ  নিৰ্দেশনা ভিত্তিত 
শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে দিৱসটো ঢকুৱাখনা মহকুমাৰ বিভিন্ন মিচিং অধ্যুষিত এলেকাত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.