ঢকুৱাখনাত  মুখ্যমন্ত্ৰী গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ আঁচনিৰ শুভাৰম্ভনী বিধায়ক নৱ দলেৰ

0 300

ৰাজ্যখনৰ নিবনুৱা সকলৰ আত্মনির্ভৰশীলতাৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন  ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী গাড়ী চালকৰ দক্ষতা  প্ৰশিক্ষণ আঁচনি। এই স্বনিয়োজন কাৰ্যসূচীৰ অধীনত ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ কৰ্মঠ নিবনুৱা সকলৰ  সহায়ক হোৱাকৈ বাহনৰ  চালনৰ এক প্ৰণালীবদ্ধ প্ৰশিক্ষণ আঁচনি সোমবাৰে ঢকুৱাখনা নগৰত শুভাৰম্ভ কৰা হয়।  ঢকুৱাখনা নগৰৰ মহকুমা পুথিভঁৰাল প্ৰাংগণত আয়োজিত এই আঁচনিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ঢকুৱাখনা সমষ্টিৰ  বিধায়ক নৱ দলেয়ে ।  ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ সৌজন্যত , লখিমপুৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত এই দক্ষতা  প্ৰশিক্ষণ  শুভাৰম্ভ কাৰ্যসূচী এটি শ্ৰুতিমধুৰ সমবেত সংগীতেৰে আৰম্ভ হোৱাৰ পাছত আদৰণি ভাষণ প্ৰদান কৰে  আই চি আই স্কিল একাডেমীৰ পৰিচালন সঞ্চালক পৰাগ গগৈয়ে । আঁচনিখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি বিধায়ক দলেয়ে নিবনুৱা সকলক স্ব নিয়োজনৰ সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা এই আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ আহ্বান জনায়  । ঢকুৱাখনাৰ ইনষ্টিটিউট অব কম্পিউটাৰ এণ্ড ইনফ’টেক একাডেমিৰ পৰিচালনাত সম্পন্ন হব লগীয়া এই প্ৰশিক্ষণৰ শুভাৰম্ভ কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে আই চি আইৰ স্কিল একাডেমীৰ পৰিচালন সঞ্চালক পৰাগ গগৈয়ে। জীপুলিনা গগৈ আৰু সৌৰভ সূতে আঁত ধৰা  গাম্ভীৰ্যপূৰ্ণ উদ্ধোধনী সভাত   মুখ্য অতিথি হিচাবে ঢকুৱাখনা মহকুমাৰ  মহকুমাধিপতি  গুৰনেইল সিং , ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত ,  বজ্ৰ কুমাৰ দলে , উদ্যোগী  আৰু স্বাৱলম্বী যুৱক প্ৰাঞ্জল গোহাঁই, শিক্ষাবিদ সেৱক চুতীয়া আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধানসভা সমষ্টিটোৰ মুঠ ৫০ গৰাকী প্ৰশিক্ষাৰ্থীক অনাগত ৪৫ দিনৰ   বাবে গাড়ী চালনাৰ গুণগত আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি আয়োজক আই চি আই স্কিল একাডেমিৰ আঁচনি সমন্বয়ক গিৰিন্দ্ৰ  বৰফুকনে জানিবলৈ দিছে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.