ঢকুৱাখনাৰ কমাৰ শিল্পই শতিকা গৰকিলে

0 215

এটা শতিকা জোৰা শিল্প আৰু সাধনাৰ সমুজ্জ্বল স্বাক্ষৰ বহন কৰি অহা অসম মুলুকৰ এখন অতি ভিতৰুৱা গাঁও।  গাঁওখনৰ  তিনিটা প্ৰজন্মই নিৰবধি  অব্যাহত ৰাখি আহিছে পুৰুষানুক্ৰমে শিল্প সাধনাৰে জীৱন জীৱিকা নিৰ্বাহৰ।
লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ নাম যোগিসুঁতি বৰবিল নেপালী গাঁও। ঢকুৱাখনাৰ ইতিহাস সমৃদ্ধ কৰি অহা এই গাঁওখনত বাসকৰা ৬ টা পৰিয়ালে শতিকাজুৰি অব্যাহত ৰাখি আহিছে কমাৰ শিল্পৰ।  গাওঁখনত ১৯ শতিকাৰ মাজভাগত প্ৰয়াত মন বাহাদুৰ বিশ্বকৰ্মাৰ পিতৃয়ে পাতনি মেলিছিল চহা জীৱনৰে সম্পৃক্ত দা ,কুঠাৰ , খুকুৰী,  কটাৰী ,নাঙলৰ ফাল কে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় অস্ত্ৰ নিৰ্মান শিল্পৰ । নিভাঁজ স্প্ৰিং লোৰে নিখুঁত শৈল্পিক নিপুনতাৰে নিৰ্মান কৰা লোৰ সা সঁজুলিৰ বাবে সুকীয়া পৰিচিতি লাভ কৰি আহিছে এই বিশ্বকৰ্মা পৰিয়াল কেইটাই।  সুগঢ়ি  আৰু নিখুঁত নিৰ্মান কলাৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ গ্ৰাহক ৰাইজকো আকৰ্ষণ কৰি অহা বৰবিল নেপালী গাঁওৰ  বৰ্ষীয়ান কমাৰ  হৰি নাৰায়ণ বিশ্বকৰ্মাই  এন ই ফ`কাচক জনোৱা মতে বিগত শতিকা ধৰি তিনিটা প্ৰজন্মই এই শিল্প কৰ্মত ব্ৰতী হৈ আহিছে ।  ভালৰ দিনত মাহিলী ২০-৩০ হাজাৰ টকা  অৰ্জন কৰি  নিজৰ লগতে স্থানীয় ২৫ -৩০ টা পৰিয়ালৰ জীৱন জীৱিকাৰ পথ মোকোলাই আহিছিল। গ্ৰাহকৰ চাহিদা অনুপাতে সামগ্ৰী নিৰ্মান কৰি নিজৰ লগতে আনকো নিয়োজিত কৰি আহিছে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.