ঢকুৱাখনাৰ কৰ্মযোগী সতীশ চন্দ্ৰ গগৈ জন্ম শতবাৰ্ষিকী পালন

0 346

একালৰ স্থিতাৱস্থামুখী ঢকুৱাখনাত সম্ভ্ৰমী সমাজ প্ৰতিষ্ঠাৰ অন্যতম খনিকৰ , সমাজ হিতৈষী কৰ্মেযোগী, বিশিষ্ট শিক্ষাবিদ প্ৰয়াত সতীশ চন্দ্ৰ গগৈৰ জন্ম শতবৰ্ষ অনুষ্ঠানটো দেওবাৰে অনুষ্টুপীয়া কৰ্মসূচীৰে অনুষ্ঠিত কৰা হয়। জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ উদ্যোগত ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰাকৈ অনুষ্ঠানটি উদযাপন কৰা হয় ।শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ শিক্ষাৰ্থী সকলৰ গুৰু
বন্দনাৰে শুভাৰম্ভ কৰা জন্মশত বাৰ্ষিকীৰ কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে প্ৰয়াত কৰ্মযোগী গগৈৰ প্ৰতিচ্ছৱিত ধূপ-বন্তি প্ৰজ্বলন কৰি সশ্ৰদ্ধ স্মৰণ কৰে বিশিষ্ট কবি, লেখক,ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিৱ প্ৰসাদ গগৈয়ে।ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুমুদ চন্দ্ৰ শৰ্মাই উদ্বোধন কৰা জন্ম জয়ন্তীৰ মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি জয়চন্দ্ৰ হাজৰিকাই । প্ৰয়াত শিক্ষানুৰাগী , সমাজ সংগঠক সতীশ  চন্দ্ৰ গগৈৰ  অনুগত , অনুৰাগী, শুভাকাংক্ষীৰ লগতে পৰিয়ালবৰ্গৰ গৰিষ্ঠ সংখ্যক ৰাইজৰ উপস্থিতিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়াই সাংবাদিক শৈলেন বৰুৱাই আমৃত্যু তেতিয়াৰ বৃহত্তৰ ঢকুৱাখনাৰ শিক্ষা ,সংস্কৃতি, আৰ্থ সামাজিক উন্নয়নৰ হকে আত্মোৎসৰ্গা কৰি যোৱা একাৰ্থত আধুনিক ঢকুৱাখনাৰ অন্যতম খনিকৰ স্বৰূপ প্ৰয়াত গগৈৰ বৰেণ্য অৱদানৰ বিপৰীতে ঢকুৱাখনীয়াই উচিত  মূল্যায়ন নকৰা বুলি আক্ষেপ কৰি কৰ্মযোগীজনাৰ সামাজিক অৱদানৰ প্ৰতিভূ হিচাপে গগৈৰ নামত ঢকুৱাখনাৰ এটা মূল পথ নামাংকিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে।  ঘিলামৰাৰ বিশিষ্ট সমাজকৰ্মী বিপিন বৰুৱাই আধুনিক ঘিলামৰা নিৰ্মাণৰ প্ৰধান খনিকৰ গগৈয়ে আনুষ্ঠানিক প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা প্ৰসাৰৰ হকে নিজ হাতে স্থাপন কৰি যোৱা বিদ্যাৰ মন্দিৰসমূহে আজিও কৰ্মযোগী গৰাকীক  ঘিলামৰাবাসীয়ে প্ৰাতঃস্মৰণীয় ব্যক্তি হিচাপে গণ্য কৰি অহা বুলি কৈ গগৈয়ে কৰা বিভিন্ন উন্নয়নমূলক কাম কাজৰ বিশ্লেষণাত্মক বক্তৱ্য  সভাত দাঙি ধৰে। নিৰ্দিষ্ট বক্তাৰ ভাষণত অসম চৰকাৰৰ , উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক বোপাৰাম গগৈৰ প্ৰেৰিত লিখিত ভাষণ পাঠ কৰে উদযাপন সমিতিৰ অন্যতম সম্পাদক অৰুণ চমুৱাই। অনুষ্ঠানত ঢকুৱাখনাৰ শিক্ষাবিদ সৰ্বেশ্বৰ বৰুৱা, লিখন চন্দ্ৰ বুঢ়াগোহাঁই, ডিম্বেশ্বৰ গগৈ, লোহিত চমুৱা, বিদ্যা দত্ত আদিয়েও প্ৰয়াত কৰ্মযোগীজনৰ সামাজিক  অৱদানৰ গুণানুকীৰ্তন কৰি বক্তব্য ৰাখে। সভাতে কৰ্মযোগী সতীশ চন্দ্ৰ গগৈৰ নামত ঢকুৱাখনাৰ এটা মূল গড়কাপ্তানী পথ নামকৰণ কৰা, সতীশ চন্দ্ৰ গগৈৰ নামত এটা ন্যাস গঠন কৰা আদি বহুকেইটা প্ৰস্তাব গ্ৰহণ কৰা  হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ কমলা বৰগোহাঁই উপস্থিত থকা অনুষ্ঠানটিত অভ্যাগত সকলক প্ৰয়াত গগৈৰ জী  প্ৰবীণ শিক্ষাবিদ ডঃ মামণি গগৈ বৰগোহাঁইৰ দ্বাৰা প্ৰণিত “হেডমাষ্টৰ”গ্ৰন্থখন প্ৰদান কৰাৰ লগতে ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাললৈ তিনিটা  মেটমৰা গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.