ঢকুৱাখনাৰ নিবনুৱাক বিজ্ঞানসন্মত পশুপালনেৰে স্বাৱলম্বনৰ প্ৰশিক্ষণ

0 253

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ২২নং খেৰকটা ডাংধৰা পৰিষদীয়  সমষ্টিৰ  অন্তৰ্গত ডিমৰুগুৰি অঞ্চলৰ ডাংধৰা খেৰকটা  কনিষ্ঠ মহাবিদ্যালয়  প্ৰাংগণত বুধবাৰে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। গাঁও অঞ্চলৰ কৰ্মহীন ,নিবনুৱাক প্ বিজ্ঞানসন্মত পদ্ধতিৰে পশু পালন কৰি আত্মনির্ভৰশীল  হোৱাৰ লগতে  গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি মজবুত কৰাৰ লক্ষ্য উদ্দেশ্যেৰে পৰিষদৰ  পশুপালন বিভাগৰ উদ্যোগত  এই প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগিতাত অনুষ্ঠিত এই প্ৰশিক্ষণত সমগ্ৰ অঞ্চলটোৰ দুই শতাধিক গ্ৰাম্য পশুপালকে অংশ গ্ৰহণ কৰে। বুধবাৰে দুপৰীয়া এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে। জনগোষ্ঠীয় নেতা বিজু পেগুৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ পেগুৱে গঞা কৰ্মবিমুখ নিবনুৱা যুৱক যুৱতী সকলৰ মাজত পৰম্পৰাগত পদ্ধতিৰে কুকুৰা , ছাগলী ,গাহৰি আদি পালনৰ সতে  বিজ্ঞানসন্মত পদ্ধতিৰে  পালনৰ সংমিশ্ৰণ ঘটাই কিদৰে উন্নত মানৰ আৰু প্ৰচুৰ পশুধনৰ উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ লগতে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হ`ব পাৰি তাৰ ওপৰত প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰাই এই  এদিনীয়া প্ৰশিক্ষণৰ উদ্দেশ্য বুলি কয় পেগুৱে। টি এম পি কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ,উদ্যমী কৃষক যতীন পেগু , ৰাজীৱ দলে , ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলে , ঢকুৱাখনা জিলা টি এম পি কেৰ উপ সভাপতি সঞ্জীৱ দলে ,পৰিষদৰ সাধাৰণ সদস্য বিউটি পেগু আৰু মিচিং জাতীয় সংগঠনৰ ডিমৰুগুৰি আঞ্চলিকৰ নেতৃবৰ্গ উপস্থিত থকা  প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম গগৈয়ে  কুকুৰা ,ছাগলী ,গাহৰিৰ  সঁচ নিৰ্বাচন, প্ৰতিপালন,খাদ্যাভ্যাস নিয়ন্ত্ৰণ , চিকিৎসা প্ৰদান, টিকাকৰণ আদিৰ ওপৰত বিশ্লেষণাত্মক আৰু বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদান কৰে। ডাঃ গগৈয়ে  সাম্প্ৰতিক সময়ত বিজ্ঞানসন্মত ধ্যান ধাৰণাৰে  বাণিজ্যিক ভিত্তিত এনেবোৰ ঘৰচীয়া পশুধনৰ  পালনৰ জৰিয়তে নিবনুৱা সকল  স্ব নিয়োজনৰ লগতে আৰ্থিক ভাৱে প্ৰচুৰ ভাবে লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি কৈ ঢকুৱাখনা পশু চিকিৎসা বিভাগে অনাগত সময়ত এনেবোৰ উদ্যমী পশু পালকক সৰ্বতো প্ৰকাৰে সহযোগিতা আৰু চিকিৎসাজনিত পৰামৰ্শ আগবঢ়াব বুলি নিশ্চয়তা প্ৰদান কৰে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.