ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাবিদ প্ৰদীপ কুমাৰ দত্তৰ “বিজ্ঞান তৰংগ” উন্মোচন  

0 276

ঢকুৱাখনাৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগতে  বিজ্ঞান শিক্ষাৰ সাৰ্বজনীনকৰণ আৰু প্ৰকৃতি সংৰক্ষণৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখা  পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিজ্ঞান মনস্ক লেখক প্ৰদীপ কুমাৰ দত্তৰ “বিজ্ঞান তৰংগ”  নামৰ  এখন গ্ৰন্থ শনিবাৰে গাম্ভীৰ্যপূৰ্ণ পৰিবেশত শুভ উন্মোচন কৰে। বৃত্তিগত আনুষ্ঠানিক শিক্ষা দানৰ সমান্তৰাল ভাৱে পৰিবেশ সংৰক্ষণ, বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰত  নিৰবিছিন্ন ভাবে ব্ৰতী হৈ অহা  প্ৰধান শিক্ষক দত্তৰ দ্বিতীয়খন মনোজ্ঞ গ্ৰন্থ উন্মোচন কৰে ঢকুৱাখনা শাখা সাহিত্য সভাৰ সম্পাদক জিতু কুমাৰ চমুৱাই ।এই সন্দৰ্ভত পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত বিদ্যালয়খনৰ অৱসৰী প্ৰধান শিক্ষক প্ৰমোদ চন্দ্ৰ দত্তৰ সভাপতিত্বত  এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰী অধ্যক্ষ লিখন চন্দ্ৰ বুঢ়াগোহাঁই , চেনিৰাম বৰুৱা, ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা বিশিষ্ট লেখক, সুবক্তা  ৰজনী বৰুৱা, ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলা নাথ গগৈ, শিক্ষাবিদ প্ৰতিমা চেতিয়া আদিয়ে  উন্মোচনী সভাত বক্তব্য ৰাখি বিজ্ঞান মনস্ক গ্ৰন্থৰ প্ৰাসংগিকতা দোহাৰি প্ৰাত্যহিক পেছাগত ব্যস্ততাৰ মাজতো  দত্তৰ এনে অমূল্য গ্ৰন্থৰ  সৃষ্টিয়ে নিশ্চিত ভাবে  জ্ঞান পিপাসু নৱ প্ৰজন্মক বহুলাংশে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে । মুলতঃ বিজ্ঞান শিক্ষা আৰু স্বাস্থ্য বিষয়ক উপজীৱ্য কৰি প্ৰণয়ন কৰা ৯২ পৃষ্ঠাৰ গ্ৰন্থখনৰ উন্মোচনী সভাত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষাৰ্থী , কৰ্মচাৰীৰ উপৰিও  ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক লক্ষী হাতী বৰুৱা, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়া, বৰ্ষীয়ান  সমাজ কৰ্মী পূৰ্ণ লাহন,সোৱণশিৰী কৈৱৰ্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঈশ্বৰ প্ৰসন্ন বৰুৱা, প্ৰেম কুমাৰ দত্ত, হিৰণ্য বৰফুকনকে প্ৰমুখ্য কৰি   বহু সংখ্যক বিশিষ্ট শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকি দত্তৰ সৃষ্টিশীল কৰ্মৰাজিৰ  একেমুখে  শলাগ লয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.