ঢকুৱাখনাৰ  বিশেষভাৱে সক্ষম যুৱক প্ৰাণজিতৰ সৃষ্টিশীলতাক স্বাধীনতা দিৱসত স্বীকৃতি

0 285

শাৰীৰিক বাধাগ্ৰস্ততা কিম্বা  দৈন্যতাই যে স্বাৱলম্বনৰ পথত হেঙাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ সমুজ্জ্বল চানেকি ঢকুৱাখনা মহকুমাৰ বৰপাত্ৰ গাঁওৰ প্ৰাণজিত বৰুৱা। জন্মৰ প্ৰায় ৭ বছৰৰ পৰাই অচিন ৰোগত আক্ৰান্ত হৈ  অলস জীৱন অতিবাহিত কৰা  প্ৰাণজিতে শাৰীৰিক অক্ষমতাৰ বাবে পঢ়াশালীয়া শিক্ষা আধাতে এৰি এক পীড়াদায়ক জীৱন অতিবাহিত কৰি আহিছে । আনৰ সহায়ৰ অবিহনে নিজৰ নিত্য কৰ্ম ফেৰাও কৰিব নোৱাৰা  প্ৰাণজিতে নিজৰ দুৰ্বাৰ ইচ্ছাশক্তি আৰু স্বাৱলম্বনৰ নিৰলস কচৰৎৰ ফলত ঘৰতে এল ই ডি বাল্ব প্ৰস্তুত কাৰখানা  নিৰ্মান কৰি  আৰম্ভ কৰিছে উৎপাদন।চহা ৰঞ্জিত বৰুৱা আৰু  মিতালি গগৈ বৰুৱাৰ পুত্ৰ প্ৰাণজিতে ইতিমধ্যে  নিজৰ শোৱনি কোঠাতে লাগতিয়াল কেঁচা সামগ্ৰী গোটাই লৈ আৰম্ভ কৰা  এল ই ডি বাল্ব উৎপাদন আৰু বিক্ৰীৰ জৰিয়তে  স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।দিব্যাংগতাক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি প্ৰাণজিতে  ঘৰতে আৰম্ভ কৰা আত্ম প্ৰতিষ্ঠাৰ  অনুকৰণীয় সংগ্ৰাম সম্পৰ্কীয় এক বাতৰি এন ই ফ’কাছত  প্ৰকাশ কৰা হৈছিল। 
বাতৰি প্ৰকাশৰ পাছতে কৰ্মঠ দিব্যাংগ যুৱক প্ৰাণজিতৰ সতে  সম্পৰ্ক আৰু  যোগাযোগ হৈছিল শত সহস্ৰ শুভাকাংক্ষীৰ ।  ইতিবাচক পৰামৰ্শ আৰু  সঠিক দিক নিৰ্দেশনাৰে  দিব্যাংগ যুৱকজনক কৰ্ম পথত আগুৱাই যোৱাৰ  দিহা দিয়াৰ উপৰিও ঢকুৱাখনা মহকুমা প্ৰশাসনৰ তৰফৰ পৰাও প্ৰত্যয়ী যুৱক জনৰ খবৰ লয়। মহকুমাধিপতি গুৰনেইল সিং,সহকাৰী আয়ুক্ত মাচি তপ্ন ,অভিজাত বৰুৱাই  যুৱকজনৰ সতে মত বিনিময় কৰি প্ৰশাসনৰ  তৰফৰ পৰা  সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা দিয়ে।  তাৰেই পৰিপ্ৰেক্ষিতত  স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত দিব্যাংগ যুৱকজনৰ একাগ্ৰতা আৰু সৃষ্টিশীলতাক মান্যতা প্ৰদান কৰা হয়।  প্ৰাণজিতক ঘৰৰ পৰা  বিশেষ বাহন যোগে স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ আনি  মহকুমা প্ৰশাসনৰ মুৰব্বী তথা স্বাধীনতা দিৱসৰ মুখ্য অতিথি গুৰনেইল সিঙে  ফুলাম গামোচা , প্ৰশস্তি পত্ৰ, ,উপহাৰ টোপোলা আৰু এখন হুইল চেয়াৰ  প্ৰদান কৰি  সৃজনীশীলতাৰ ভূয়সী প্ৰশংসা কৰে।  স্বাধীনতা দিৱসৰ দিনাই প্ৰাণজিতৰ কৰ্মস্পৃহাৰ মান্যতা  লাভ কৰি অধিক কৰ্মোদ্যমী হৈ পৰা যুৱকজনে এন ই  ফ’কাছৰ ইতিবাচক  বাতৰি প্ৰচাৰ আৰু পদক্ষেপৰ শলাগ লৈ বাতৰি প্ৰকাশৰ পাছৰে পৰা বিভিন্ন পক্ষৰে পৰিচিত আৰু দৃষ্টিগোচৰ হোৱা বুলি কৈ প্ৰশাসনৰ স্বীকৃতিও তাৰেই প্ৰতিফলন বুলি জনাই কৃতজ্ঞতা যাঁচিলে । আমি এন ই ফ’কাছ তৰফৰ পৰাও   সম্বৰ্ধিত, উদ্যমী প্ৰাণজিতলৈ  জনালো অভিনন্দন। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.